গুৱাহাটী, 13 জুন : বিত্তমন্ত্রী অজন্তা নেওগৰ আহ্বান মৰ্মে দেওবাৰে অসম চৰকাৰৰ প্ৰধান সচিব, আয়ুক্ত সচিব, সচিব আৰু বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ(All Assam Government NPS Employees Association) প্ৰতিনিধিৰ এক বৈঠক অনুষ্ঠিত হৈ যায় ।
জনতা ভৱনত বিত্ত বিভাগৰ সভাগৃহত পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত চৰকাৰী কৰ্মচাৰীৰ NPS ব্যৱস্থা আৰু পেঞ্চন তথা অৱসৰকালীন দিশসমূহত তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধাসমূহৰ বিষয়ে বুজ লোৱাৰ উপৰি এই বিষয়ত মন্ত্রীগৰাকীয়ে বিস্তৃতভাৱে আলোচনা কৰে ।
বৈঠকত হোৱা আলোচনা কালত সংস্থাৰ প্ৰতিনিধিবৰ্গই NPSৰ ভয়াৱহতা, ইয়াৰ দ্বাৰা কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ অভাৱগ্ৰস্ততা প্ৰকাশ কৰে আৰু ইতিমধ্যে অৱসৰী কৰ্মচাৰীসকলৰ দুৰ্বিষহ প্ৰতিচ্ছবি দাঙি ধৰি সমস্যা সমাধানৰ বাবে চৰকাৰক অনুৰোধ জনায় । আলোচনাত বিত্তমন্ত্ৰীগৰাকীয়ে বিষয়টোৰ ক্ষেত্ৰত চৰকাৰ অৱগত বুলি উল্লেখ কৰি কৰ্মচাৰী সমাজক সকাহ দিয়াৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্ধাৰণৰ লগতে ফলপ্ৰসূ সিদ্ধান্তৰ ক্ষেত্ৰত চৰকাৰে এক উচ্চস্তৰীয় সমিতি গঠন কৰিছে বুলি জনায় ।
সংস্থাৰ সজাতি দলে ডি চি আৰ জি/চি এফ পি অমীমাংসিত NPS গোচৰ সমূহৰ সমাধানৰ বাবে ক্ষীপ্ৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । বৈঠকত সংস্থাৰ হৈ উপদেষ্টা জগদীশ গোস্বামী, সভাপতি অচ্যুতানন্দ হাজৰিকা, ৰাজ্যিক মুখপাত্ৰ ড৹ জ্যোতিষ গোস্বামী, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, সম্পাদক ৰাতুল বৰ্মন, ধীৰাজ বৰা, কোষাধ্যক্ষ আব্দুল ৰৌফে অংশগ্ৰহণ কৰে । আনহাতে, সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰ, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে দেখুওৱা সঁহাৰিৰ বাবে সংস্থাই কৃতজ্ঞতা প্ৰকাশ কৰে ।
লগতে পঢ়ক : চৰকাৰী বিদ্যালয়ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে সংবাদ মাধ্যমক জগৰীয়া মুখ্যমন্ত্ৰীৰ !