ETV Bharat / state

ৰাজ্যত বানৰ বিভীষিকা, ক্ষতিগ্ৰস্ত 35 লক্ষাধিক

author img

By

Published : Jul 16, 2020, 10:43 PM IST

Updated : Jul 17, 2020, 5:57 AM IST

অসমত বান প্ৰাণ কাঢ়িলে 71 জনকৈ লোকৰ ৷ ইফালে এই পৰ্যন্ত বানত ক্ষতিগ্ৰস্ত হৈছে 13.88 লাখ জীৱ জন্তু। পানীৰ তলত আছে 1,27, 64,725 হেক্টৰ কৃষি ভূমি ৷

ৰাজ্যত বানৰ বিভীষিকা
ৰাজ্যত বানৰ বিভীষিকা

নিউজ ডেস্ক, 16 জুলাইঃ ৰাজ্যত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে সাম্প্ৰতিক বান পৰিস্থিতিয়ে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লক্ষাধিক বানাক্ৰান্তৰ ৷ বানৰ ফলত মৃত্যুমুখত পৰিছে মানুহৰ লগতে পশুধন ৷ উজনি-নামনিৰ বিস্তৰ অঞ্চল সম্প্ৰতি বানৰ কবলত ৷ জলমগ্ন হৈছে অসমৰ 26 খন জিলা ৷ লগত প্ৰয়ংকৰী বানে ৰাজ্যৰ প্ৰায় 3,376 গাঁও ক্ষতিগ্ৰস্ত কৰিছে ৷ ইয়াৰোপৰি কৃষিভূমিকে ধৰি ভিন্ন স্থানৰ 1,27, 64,725 হেক্টৰ ভূমি সম্প্ৰতি পানীৰ তলত ৷ উল্লেখ্য যে, এই সংহাৰী বানত বৰ্তমানলৈ 39,79,563 গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে ৷ হোৱাৰ লগতে,বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে মুঠ 71 গৰাকী লোকে ৷ আনহাতে বিগত 24 ঘণ্টাত প্ৰাণ হেৰুৱাইছে 5 গৰাকীকৈ লোকে ৷

ৰাজ্যত বানৰ বিভীষিকা

বানৰ কবলত পৰি সম্প্ৰতি মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষককে ধৰি বহু লোকে ৷ কিন্তু ইমানৰ পাচতো চৰকাৰী কৰ্তৃপক্ষৰ দৃষ্টি বহিৰ্ভূত হৈ ৰৈছে লক্ষাধিক বানাক্ৰান্ত ৷ ভিন্ন স্থানত বিশুদ্ধ খোৱাপানীৰ লগতে, খাদ্য সামগ্ৰীৰ অভাৱে সংকট নমাই আনিছে মানুহৰ জীৱনলৈ ৷ এখন বা দুখন নাও দি দায়িত্ব সামৰি থৈছে যদিও,সেই নাও চলাবলৈ ইন্ধনৰ যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী কৰ্তৃপক্ষৰ বিপৰীতে ৷

ইফালে এই পৰ্যন্ত বানত ক্ষতিগ্ৰস্ত হৈছে 13.88 লাখ জীৱ জন্তু । বনাঞ্চল-ৰাষ্ট্ৰীয় উদ্যানো ভয়াৱহ বানৰ কৱলত ।ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলেকে 66 টাকৈ জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাব লগা হৈছে । ইতিমধ্যে কাজিৰঙাৰ 153 টা জীৱৰ আশ্ৰয় শিবিৰ ক্ষতিগ্ৰস্ত হৈছে । উল্লেখযোগ্য যে,পবিতৰাত 12 টা আশ্ৰয় শিবিৰ ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ৷

বানাক্ৰান্ত লোক সকলে অস্থায়ী ভাৱে বাস কৰিবলৈ ৰাজ্যত মুঠ 748 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে , য'ত 36,320 লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইফালে বানত আবদ্ধ ৰাইজৰ উদ্ধাৰ অভিযানত নামিছে ৰাজ্যত NDRF, SDRF ৷ এই উদ্ধাৰ অভিযানত বিভিন্ন অঞ্চলত সহযোগিতা আগবঢ়াইছে স্থানীয় লোকেও ৷

লগতে পঢ়কঃ বানৰ কবলত বঙাইগাঁৱৰ আলগা নদী আৰক্ষী চকী

Last Updated : Jul 17, 2020, 5:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.