গুৱাহাটী,4 নৱেম্বৰ: নৱগঠিত অসম জাতীয় পৰিষদৰ দলীয় পতাকা আৰু খচৰা সংবিধান বুধবাৰে আনুষ্ঠানিকভাৱে মহানগৰীত মুকলি কৰা হয় । দলটোৰ অন্যতম পৰামৰ্শদাতা বসন্ত ডেকা আৰু কৃষ্ণগোপাল ভট্টাচাৰ্যৰ উপস্থিতিত মুকলি কৰা হয় এই খচৰা সংবিধান আৰু দলীয় পতাকা ।
উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ পতাকাখন প্ৰস্তুত কৰিছে বিশিষ্ট চিত্ৰশিল্পী বীৰেন সিংহই । আনহাতে, বুধবাৰে মুকলি কৰা দলটোৰ 34 পৃষ্ঠা যোৰা খচৰা সংবিধানত দলৰ প্ৰতীক কি হ’ব সেই বিষয়ে উল্লেখ কৰা হৈছে এনেদৰে, "নিৰ্বাচন আয়োগে অনুমোদন জনোৱা প্ৰতীকেই হ’ব দলৰ প্ৰতীক । দলৰ প্ৰথম সাধাৰণ অধিৱেশনে পছন্দ অনুসৰি প্ৰতীকৰ এখন তালিকা প্ৰস্তুত কৰিব আৰু এই তালিকা নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা হ’ব । এই অনুমোদিত প্ৰতীকটোৱেই দলৰ প্ৰতীক হ’ব আৰু এইটো সংবিধানৰ অন্তৰ্ভূক্ত হ’ব" ৷
নীলা ৰঙৰ পতাকাখনত ৰঙা ৰং সমৃদ্ধ এটা বৃত্ত থাকিব ৷ পতাকাখনত থকা ৰঙা বৃত্তটোত পিছলৈ দলৰ প্ৰতীক থাকিব আৰু বগা ৰঙেৰে লিখা থাকিব অসম জাতীয় পৰিষদ বুলি। খচৰা সংবিধানখনত সৰ্বমুঠ 16 টা বিষয় সন্নিবিষ্ট কৰা হৈছে । সেইকেইটা হ’ল, নাম, লক্ষ্য আৰু উদ্দেশ্য, দলৰ মূল দৰ্শন, দলৰ পতাকা, দলৰ প্ৰতীক, দলৰ সভ্য, সাংগঠনিক স্তৰ বিন্যাস, বিভিন্ন কাৰ্য নিৰ্বাহকৰ বিষয়-ববীয়া, নিয়ম-শৃংখলা আৰু অনুশাসন, কাৰ্য বিধি, হিচাপ আৰু পুঁজি, সংবিধান সংশোধন, একত্ৰীকৰণ, বিভাজন আৰু ভংগকৰণ, সংবিধানৰ ব্যাখ্যা আৰু দলৰ সঞ্চালন সমিতি ।
লগতে চাওকঃ বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএলে চৰকাৰ গঠন কৰাটো নিশ্চিত: ড৹ নীলু স্বৰ্গীয়াৰী