ETV Bharat / state

Fire hits running tempo: মহানগৰীৰ ৰাজপথত চলন্ত মেজিকত লাগিল জুই - জুইৰ লেনিহান শিখা

গীতানগৰৰ ৰাজপথত হঠাৎ দাউ-দাউকৈ জ্বলি উঠিল এখন যাত্ৰীবাহী মেজিক বাহন (Fire hits running tempo) ৷ সৌভাগ্য ক্ৰমে কথমপি ৰক্ষা পৰিল কেইবাগৰাকী যাত্ৰী ৷

vehicle fire incident at Gitanagar
মহানগৰীৰ ৰাজপথত দাউ-দাউকৈ জ্বলিল এখন চলন্ত মেজিক গাড়ী
author img

By

Published : Dec 28, 2021, 10:48 PM IST

গুৱাহাটী, ২৮ ডিচেম্বৰ : মহানগৰীত অঘটন ৷ মঙলবাৰে হঠাৎ মহানগৰীৰ ৰাজপথত দাউ-দাউকৈ জ্বলি উঠিল এখন চলন্ত মেজিক গাড়ী (Fire hits running tempo) । সেই সময়ত মেজিক গাড়ীখনত আছিল কেইবাজনো যাত্ৰী ।

অৱশ্যে কোনো হানি-বিঘিনি নোহোৱাকৈ সৌভাগ্য ক্ৰমে ৰক্ষা পৰে মেজিক খনত থকা যাত্ৰীসকল । মংগলবাৰে দিনৰ ভাগত মহানগৰীৰ গীতানগৰ পথৰ বি এছ অফ কেম্পৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি স্বাভাৱিকতে তীব্ৰ আতংকৰ সৃষ্টি হয় অঞ্চলটোত ।

জানিব পৰা মতে, মংগলবাৰে দিনৰ ভাগত নাৰেংগী দিশৰ পৰা গীতানগৰ পথ হৈ খানাপাৰা অভিমুখে যাত্ৰী লৈ গৈ আছিল টাটা মেজিক বাহনখনে ।

কিন্তু গীতানগৰ পথত হঠাৎ মেজিক বাহন খনৰ পৰা জুইৰ ধোঁৱা ওলোৱা দেখি যাত্ৰীৰ মাজত সৃষ্টি হয় এক হুলস্থূলীয়া সদৃশ পৰিৱেশৰ ৷ তেনে পৰিস্থিতিত গাড়ীৰ চালকে কোনোমতে বাহনখন ৰখাই যাত্ৰীসকলক সুকলমে নমাই দিয়ে আৰু তাৰ কিছু সময়ৰ পিছতে জুইৰ লেনিহান শিখাই বাহন খনৰ চৌপাশ আগুৰি ধৰে । এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে ততাতৈয়াকৈ খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীক ৷

ঘটনাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী আৰু নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই ৷ অৱশ্যে জুই নিৰ্বাপন কৰা লৈকে বাহনখনৰ অধিকাংশই ভস্মীভূত হয় । কিন্তু বৰ্তমানেও জুইৰ সূত্ৰপাতৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত যান্ত্ৰিক বিজুতিৰ বাবেই বাহন খনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল 3 টা বাসগৃহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.