ETV Bharat / state

Devastating fire at Gitanagar: গীতানগৰত বিধ্বংসী অগ্নিকাণ্ড - Fire broke out at Gitanagar high school

কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী মহানগৰী ৷ শুকুৰবাৰে মহানগৰীৰ গীতানগৰ হাইস্কুলৰ সমীপতে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire broke out at Gitanagar) ৷ এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় জিনিয়াছ ফাৰ্নিছাৰ নামৰ এখন দোকান ৷

Devastating fire at Gitanagar
গীতনগৰত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Jan 7, 2022, 7:14 PM IST

Updated : Jan 7, 2022, 8:32 PM IST

গুৱাহাটী, 7 জানুৱাৰী : মহানগৰীত সংঘটিত হৈছে এক অঘটন ৷ শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ গীতানগৰ হাই স্কুলৰ সমীপতে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire broke out at Gitanagar high school)। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

জানিব পৰা মতে, এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় জিনিয়াছ ফাৰ্নিছাৰ নামৰ এখন আচবাবৰ প্ৰতিষ্ঠান (Devastating fire at Gitanagar) । স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি, জিনিয়াছ ফাৰ্নিছাৰ নামৰ আচবাবৰ প্ৰতিষ্ঠানখনত চৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই ঘটনা ৷ এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় প্ৰায় ১ কোটি টকাৰ সামগ্ৰী ।

এই ভয়ংকৰ অগ্নিকাণ্ডত কথমপী প্ৰাণৰক্ষা পৰে আচবাবৰ প্ৰতিষ্ঠান খনত কৰ্মৰত ১২ গৰাকীকৈ কৰ্মচাৰী ।

জানিব পৰা মতে, মহানগৰীৰ গীতানগৰৰ স্পৰ্শ হাইস্কুলৰ কাষত থকা ইণ্ডিয়ান টি এছ’চিয়েচনৰ সমীপৰ উড ৱৰ্কছ নামৰ ফাৰ্ণিচাৰৰ দোকানখনত বিয়লি ৪.৪৫ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰে । আচবাব দোকানখনৰ কৰ্মচাৰীৰ চকুৰ সন্মুখতে নিমিষতে জ্বলি চাৰখাৰ হৈ যায় আচবাব প্ৰতিষ্ঠানখন ৷

গীতানগৰত বিধ্বংসী অগ্নিকাণ্ড

এই জুই প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ততালিকে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত প্ৰথমে জুই নুমুৱাবলৈ উপস্থিত হয় ৫ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন । জুইৰ তীব্ৰতা ইমানেই ভয়ানক আছিল যে বহু দূৰলৈকে পৰিস্ফুট হৈছিল এই জুই তীব্ৰতা । পৰৱৰ্তী সময়ত আন ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি প্ৰায় ৩ ঘণ্টা জোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

ইফালে ঘটনাস্থলীত উপস্থিত হোৱা উড ৱৰ্কছ নামৰ ফাৰ্নিচাৰ খনৰ স্বতাধিকাৰী চফিউৰ ৰহমানৰ পৰা জানিব পৰা মতে, অগ্নিকাণ্ড সংঘাটিত হোৱা ফাৰ্নিচাৰ খনত প্ৰায় ৮০ লাখ টকাৰ আচবাব আৰু ৩০ লাখ টকাৰ যন্ত্ৰপাতি আছিল । বিভিন্ন অভিজাত ফাৰ্নিচাৰৰ দোকানলৈ আচবাব নিৰ্মাণ কৰি প্ৰেৰণ কৰাৰ ওপৰিও ৫ খন বিয়াৰ বাবে আচবাব সাজু কৰি ৰাখিছিল বুলি জানিবলৈ দিছে আচবাব প্ৰতিষ্ঠান খনৰ গৰাকীয়ে ।

আৰক্ষীৰ প্ৰাথমিক তদন্তত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰিছে যদিও এই পৰ্যন্ত প্ৰকৃত সত্য পোহৰলৈ অহা নাই । শুকুৰবাৰে এই অগ্নিকাণ্ড ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছত ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙকে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়াসকল ।

লগতে পঢ়ক : নৰাৰ ঘৰৰ ভিতৰত খেলি থাকোতেই ৰহস্যজনকভাৱে অগ্নিদগ্ধ তিনি শিশু

Last Updated : Jan 7, 2022, 8:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.