গুৱাহাটী, 11 মাৰ্চঃ মঙলবাৰে নিশা মহানগৰীৰ পাণ্ডু ৪নং কলনীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলতেই এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে ৰাজু প্ৰসাদ নামৰ লোকজনৰ বাসগৃহটো । প্ৰায় ৪ লাখ টকাৰ সা-সামগ্ৰী জুইত জাহ যায় । পিছত অগ্নিকাণ্ড নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নিৰ্বাপিত কৰে যদিও তাৰ পূৰ্বেই সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো । উল্লেখযোগ্য যে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড - fire at guwahati pandu
মহানগৰীৰ পাণ্ডু ৪নং কলনীত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলতেই সংঘটিত হয় অগ্নিকাণ্ড ৷