ETV Bharat / state

দিছপুৰ থানাত মন্ত্রী অতুল বৰাৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Jul 23, 2021, 5:46 PM IST

প্ৰধান মন্ত্রী কিষাণ সন্মান নিধি কেলেংকাৰী সন্দৰ্ভত মন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল সুব্ৰত তালুকদাৰ নামৰ এজন যুৱকৰ । পি এম কিষান( P M Kisan) আঁচনিৰ অধীনত অসমত প্ৰায় ৮ লাখ ভুৱা হিতাধিকাৰীৰ জৰিয়তে প্ৰায় ৫৫৪ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ।

FIR against minister atul bora
দিছপুৰ থানাত মন্ত্রী অতুল বৰাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটী, ২৩ জুলাই : কৃষি মন্ত্ৰী অতুল বৰাৰ (Agriculture minister Atul Bora) বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰিলে এজন যুৱকে । সুব্ৰত তালুকদাৰ নামৰ যুৱকজনে প্ৰধানমন্ত্রী কিষাণ সন্মান নিধিত সংঘটিত কেলেংকাৰী সন্দৰ্ভত মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু আমোলাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰে এক এজাহাৰ । প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিত ভুৱা কৃষকৰ অন্তৰ্ভূক্তি বিষয়টোকলৈ অভিযোগ উত্থাপন কৰে আৰু এই বিষয়ত মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে সম্ভৱ নহয় বুলিও উল্লেখ কৰি যুৱকজনে এজাহাৰ দাখিল কৰে ।

এজাহাৰ যোগে যুৱকজনে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৯,৪১৭,৪২০,৪৬৮ ধাৰাত গোচৰ ৰুজু কৰি প্ৰিভেঞ্চন অৱ ক'ৰাপচ্যন এক্ট (prevention of corruption act) ৰ অধীনত তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনায় । উল্লেখ যে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিখনত (Prime minister kisan samman yojana) ৰাজ্যত ৮,৩৫,২৬৮ লাখ ভুৱা হিতাধিকাৰী কৃষক অন্তৰ্ভুক্ত হৈছে আৰু এই ভুৱা কৃষকৰ হাতলৈ যোৱা ধনৰ পৰিমাণ হৈছে ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ টকা । এই বিয়াগোম কেলেংকাৰীত বিভাগীয় চৰকাৰী কৰ্মচাৰী, বিষয়া, আমোলা আৰু বিভাগীয় মন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনে ।

উল্লেখ যে, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি চমুকৈ পিএম কিষাণ আঁচনি কৃষক কল্যাণৰ অৰ্থে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰা এক অভিলাষী আঁচনি ।

২০১৮ ৰ ডিচেম্বৰৰ পৰা কাৰ্ষকৰী হোৱা এই আঁচনিৰ জৰিয়তে দেশৰ যোগ্য কৃষকক বছৰি প্ৰদান কৰা হয় ৬ হাজাৰকৈ টকা । তিনিটা ইনষ্টলমেন্টত প্ৰদান কৰা এই ধনৰ বাবে বছৰি কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হয় ৭৫ হাজাৰ কোটি টকা । কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ নামতেই অসমৰ কৃষি বিভাগত (Agriculture Department) সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী । সংসদৰ চলিত অধিৱেশনতেই স্বয়ং কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে (Agriculture minister) উন্মোচন কৰিলে অতুল বৰাৰ কৃষি বিভাগত সংঘটিত এই বহু কোটি টকীয়া কেলেংকাৰীৰ কথা ।

লগতে পঢ়ক :ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.