ETV Bharat / state

FIR against Assam CM: মিঞা বিতৰ্ক; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ সাংসদ অজিত ভূঞাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৷ সোমবাৰে এজাহাৰ দাখিল কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই ৷ ‘‘তেওঁ মিছা কথা কোৱাত 1 নম্বৰ ৷ হিমন্ত বিশ্ব মিছা কথাৰ ভাণ্ডাৰ ৷’

author img

By

Published : Jul 17, 2023, 6:33 PM IST

FIR against Assam CM
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ

গুৱাহাটী, ১৭ জুলাই: এই মুহুৰ্তত ৰাজ্যৰ ৰাজনীতিক ছানি ৰাখিছে মিঞা বিতৰ্কই ৷ মিঞাসকলক কেন্দ্ৰ কৰি সাংসদ বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধই ইতিমধ্যেই আলোড়ন সৃষ্টি কৰিছে ৰাজনৈতিক মহলত ৷ বিশেষকৈ মিঞাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যক লৈ তেওঁক উভতি ধৰিছে বিৰোধী পক্ষই ৷ এতিয়া এই বিতৰ্ক সোমাই পৰিল আইনী মেৰপেচত ৷

সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে ৰাজ‍্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । মুখ্যমন্ত্ৰীয়ে মিঞা ছাফা কৰি দিম বুলি কৰা মন্তব্যৰ বিৰুদ্ধে সোমবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে সাংসদগৰাকীয়ে । এজাহাৰ দাখিলৰ পাচতে মুখ্যমন্ত্ৰীয়ে সাংসদগৰাকী সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিলে অজিত কুমাৰ ভূঞাই ৷ এক প্ৰকাৰ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ মিছাৰ আশ্ৰয় লোৱাৰ অভিযোগেৰে খঙত টিঙিৰি তুলা হৈ পৰিল সাংসদ অজিত কুমাৰ ভূঞা ৷

তেওঁ কয় ‘‘বিৰোধী দলৰ প্ৰাৰ্থী আছিলো মই ৷ যদি তেওঁ মোক সহায় কৰিছিলে তেতিয়া হলে আজিয়ে তেওঁক দল বিৰোধী কাৰ্যত দলৰ পৰা বহিস্কাৰ কৰিব লাগে ৷ যেনে দৰে কংগ্ৰেছক ছুৰী মাৰি আহিলে, সৰ্বানন্দ সোণোৱালক যেনেদৰে ছুৰী মাৰি আহিলে ঠিক তেনেদৰে আৰু যে নহ’ব তাৰ নিশ্চয়তা দিব নোৱাৰে ৷ অজিত ভূঞাক পৰাজিত কৰিবলৈ হিমন্তই 200 কোটি টকা বিচাৰিছিল বিজেপিৰ শীৰ্ষ নেতাৰ পৰা ৷ আটাইতকৈ অসমীয়া সমাজৰ বৰ ক্ষতিকাৰক এজন মানুহ মুখ্যমন্ত্ৰী হ’ল ৷ তেওঁ মিছা কোৱাত 1 নম্বৰ ৷ হিমন্ত বিশ্ব মিছা কথাৰ ভাণ্ডাৰ ৷’

আনহাতে সংবিধানৰ শপত খাই মুখ‍্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এটা নিদিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি ল’ব বুলি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ দাবী জনাই সাংসদ অজিত কুমাৰ ভূঞাই আৰু কয় ‘‘হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আহি ঘৃণা বিয়পাইছে । মিঞা সম্প্ৰদায়ৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ অধিকাৰ কোনে দিলে তেওঁক !’’

লগতে পঢ়ক:Assam CM slams Delhi govt: আন ৰাজ্যক দোষাৰোপ কৰিলে দিল্লীৰ বান সমস্যা সমাধান নহয়; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.