ETV Bharat / state

অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

author img

By

Published : Jul 16, 2021, 5:56 PM IST

৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন। আঁচনিখনত ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে । এইখন আঁচনি অসমৰ এখন সৰ্ববৃহৎ আঁচনি যিখনে অসমৰ মুঠ পৰিয়ালৰ ৪০ শতাংশক সামৰি লৈছে ।

finance minister ajanta neog announces 1800 crore for Orunodoi scheme
অৰুণোদয় আঁচনিৰ বাবে ১৮০০ কোটি টকা ধাৰ্য কৰা হ’ল অজন্তা নেওগৰ বাজেটট

গুৱাহাটী, ১৬ জুলাই: অৰুণোদয় আঁচনিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালে লাভ কৰা মাহিলি অনুদানৰ ধন ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি কৰা হৈছে । আঁচনিখনত ৬ লাখ ৩৬ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছে । চলিত বৰ্ষত আঁচনিখনৰ বাবে বাজেটত ১৮০০ কোটি টকা ধাৰ্য কৰা হৈছে । উল্লেখ্যে যে, এইখন আঁচনি অসমৰ এখন সৰ্ববৃহৎ আঁচনি, যিখনে অসমৰ মুঠ পৰিয়ালৰ ৪০ শতাংশক সামৰি লৈছে ।

finance minister ajanta neog announces 1800 crore for Orunodoi scheme
অৰুণোদয় আঁচনি

বাজেট ভাষণত এই কথা সদৰী কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ(finance minister Ajanta Neog)এ । সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট(budget for 2021 22 financial year) দাখিল কৰি মন্ত্রীগৰাকীয়ে কয় যে, অৰুণোদয় আঁচনি(Orunodoi scheme)খন মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ । এই আঁচনিখন পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰৰ বাবে সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে ।

তেওঁ লগতে কয় যে, এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলি ৮৩০ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । বৰ্তমানলৈকে, ২০ লাখ ২১ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰী(beneficiary)লৈ ১৬৭.৭৮ কোটি টকা মুকলি কৰি দিয়া হৈছে ।

ইয়াৰ লগতে, ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কৰে মন্ত্ৰীগৰাকীয়ে । যোগ্য হিতাধিকাৰীসকলেহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, অযোগ্য হিতাধিকাৰী থাকিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলিও অৱগত কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে ।

হিতাধিকাৰীসকলৰ ঘৰত অৰুণোদয় লগ’ দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ মন্ত্ৰীগৰাকীয়ে কয় যে, ইয়াৰ জৰিয়তে অৰুণোদয় পৰিয়াল হিচাপে সেই পৰিয়ালটোৱে গৌৰৱ অনুভৱ কৰিব পাৰিব ৷

লগতে পঢ়ক : স্বাধীনতা দিৱসলৈকে দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন উৰুওৱা নিষিদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.