ETV Bharat / state

অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা - ডাঃ ৰনোজ পেগুৱে

শুকুৰবাৰে বিয়লি তিনি বজাৰ পৰা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ সন্থা, এবছু, সাহিত্যসভা, বিভিন্ন বিভাগৰ বিষয়-ববীয়া আদিকে ধৰি বিভিন্ন পক্ষৰ লগত আলোচনা কৰি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছিল । তাৰ পাচতে দীঘলীয়া বৈঠকৰ অন্তত ক’ভিড পৰিস্থিৰ বাবেই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কথা সদৰি কৰিলে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷

final-exam-of-hslc-and-hs-finally-cancelled
অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা
author img

By

Published : Jun 18, 2021, 9:23 PM IST

Updated : Jun 18, 2021, 10:47 PM IST

গুৱাহাটী,18জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাক অনুষ্ঠিত হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি আছে বিতৰ্ক । ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা বৰ্ড চিবিএছইৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ব’ৰ্ড পৰীক্ষা বাতিল কৰাৰ পিছত একাংশ শিক্ষাৰ্থী তথা অভিভাৱক সকলে অসমতো পৰীক্ষা বাতিল কৰাৰ দাবী জনাইছিল চৰকাৰক । ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰথম অৱস্থাত পৰীক্ষা পিছুৱাই দিছিল যদিও সংক্ৰমণৰ সংখ্যা কিছু পৰিমানে হ্ৰাস পোৱাৰ পিছত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছিল চৰকাৰে ।

ইপিনে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে অন্য বিকল্প নাই বুলি উল্লেখ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নৱ নিৰ্বাচিত চৰকাৰখনৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ লগত আলোচনা কৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । একেদৰে ক’ভিড প্ৰট’কল মানি কিদৰে তথা কি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব সেই বিষয়ত ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ লগতে ছাত্ৰ সংগঠন, বিশিষ্ট ব্যক্তি আদিৰ লগত ইতিমধ্যে আলোচনাতো মিলিত হৈছিল । এই আলোচনাৰ পিছত ৰাজ্য চৰকাৰে পুনৰ এবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাহিৰে আন কোনো বিকল্প নাই বুলি উল্লেখ কৰি সংকুচিত বিষয় আৰু সংকুচিত নম্বৰেৰে জুলাই মাহৰ ১৫ৰ পৰা ২০ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল ।

অৱশেষত বাতিল হ’ল HSLC & HS ৰ চূড়ান্ত পৰীক্ষা

তাৰমাজতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা ১৬ জুনত অনুষ্ঠিত কেবিনেট বৈঠকত স্বাস্থ্য বিভাগে দাখিল কৰে এক প্ৰতিবেদন । আৰু এই প্ৰতিবেদনৰ পাচতে কেবিনেটে পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ আখ্যা দিয়াত পুনৰ শিক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছিল হাহাকাৰৰ ।

সেইবাবেই শুকুৰবাৰে বিয়লি তিনি বজাৰ পৰা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ সন্থা, এবছু, সাহিত্যসভা, বিভিন্ন বিভাগৰ বিষয়-ববীয়া আদিকে ধৰি বিভিন্ন পক্ষৰ লগত আলোচনা কৰি পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব উল্লেখ কৰিছিল । তাৰপাচতে দীঘলীয়া বৈঠকৰ অন্তত ক’ভিড পৰিস্থিৰ বাবেই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে ৷

অৱশ্যে নম্বৰ মূল্যায়ণৰ বাবে অসম চৰকাৰে গঠন কৰিব দুখন সমিতি। চৰকাৰে গঠন কৰিবলগীয়া সমিতি দুখন হ’ল- এখন দশম শ্ৰেণীৰ বাবে আৰু আনখন দ্বাদশ শ্ৰেণীৰ বাবে । ইপিনে ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা কথা ঘোষণা কৰাৰ লগতে পূৰ্ৱৰ দৰে স্থান থাকিব বুলিও সদৰি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ।

লগতে পঢ়কঃ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

Last Updated : Jun 18, 2021, 10:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.