গুৱাহাটী,3 জুলাই: মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ১৫ গৰাকী কৰ’ণা ৰোগী সম্প্ৰতি সুস্থ হৈ উঠিছে । শুকুৰবাৰে ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় আৰোগ্য লোকসকলক । বৰ্তমানে ৯৬ গৰাকী ৰোগীয়ে হাস্পতালখনত চিকিৎসাধীন অৱস্থাত আছে ৷ এতিয়ালৈ মুঠ ১০৪ গৰাকী সুস্থ ৰোগীক মুকলি কৰি দিছে হাস্পতাল কৰ্তৃপক্ষই ।
১১০ গৰাকী ৰোগী ৰখাৰ ব্যৱস্থা থকা আয়ুৰ্বেদিক হাস্পতালখনৰ এই কথা সংবাদ মাধ্যমক সদৰী কৰে হাস্পতাল কৰ্তৃপক্ষই ৷ চিকিৎসালয়খনে নিজাববীয়াকৈ প্ৰস্তুত কৰা 'আয়ুস কোৱাথ' নামৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা সামগ্ৰীবিধৰ দ্বাৰা বিশেষ লাভান্বিত হৈছে ৰোগীসকল । এই সামগ্ৰীবিধ প্ৰতিগৰাকী ৰোগীক নিয়মীয়াকৈ দিয়াৰ লগতে ৰোগীক মুকলি কৰি দিয়াৰ সময়ত ঘৰত ব্যৱহাৰ কৰিবলৈ যোগান ধৰা হয় আয়ুস কোৱাথ ।
লগতে চাওকঃ প্লাষ্টিক: মানৱ সমাজৰ অভিশাপ