গুৱাহাটী, ১৫ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ লগত নাম সাঙোৰ খাই পৰা বহিষ্কৃত বিজেপি সদস্য অনুৰাগ চলিহাক গ্ৰেপ্তাৰ । মহানগৰ আৰক্ষীয়ে অভিযান চলায় শিৱসাগৰ ডিমৌৰ পৰা নিশা গ্ৰেপ্তাৰ কৰে । অনুৰাগ চলিহাই ব্যৱহাৰ কৰা এ এছ ১২ ডব্লিউ ৬৭১৮ নম্বৰৰ এখন বাহনো আৰক্ষীয়ে জব্দ কৰে । অনুৰাগ চলিহাৰ লগতে আপত্তিজনক ফটো ভাইৰেল হৈছিল ইন্দ্ৰানীৰ ।
আনহাতে ৰাজ্যৰ বহু যুৱকৰ পৰা চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহৰো অভিযাগ আছে দালালৰাজ চলোৱা অনুৰাগ চলিহাৰ বিৰুদ্ধে । ইয়াৰ সাক্ষী আছিল ইন্দ্ৰানী তহবিলদাৰ । চাকৰিৰ বাবে লোৱা টকা উভতাই দিব নোৱাৰাৰ বাবে অভিমন্যু দাসৰ নেতৃত্বত এটা দলে ভাবুকি দি ফোন কাঢ়ি নিছিল অনুৰাগৰ পৰা ।
সেই ফোনটোতে আছিল অনুৰাগ-ইন্দ্ৰানীৰ আপত্তিজনক ফটো । যি ফটো পৰৱৰ্তী সময়ত এছ আই কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকাই বিজেপিৰ এজন জ্যেষ্ঠ বিধায়কক যোগান ধৰিছিল । বিধায়কজনৰ পৰাই এই ফটো ভাইৰেল হোৱা বুলি প্ৰকাশ পাইছে । এই সমগ্ৰ ঘটনাৰ লগত এছ আই কেলেংকাৰীৰ অভিযুক্ত দিবন ডেকা জড়িত থকা বুলি প্ৰকাশ পাইছে ।
শেহতীয়াকৈ দিবন ডেকাৰ সৈতে আত্মহত্যাৰ পূৰ্বে ইন্দ্ৰানীয়ে ফোনত বাৰ্তালাপ কৰা অডিঅ’ও ভাইৰেল হৈছিল । কিন্তু আশ্চৰ্যজনকভাৱে ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ আঁৰৰ তথ্যসমূহ প্ৰকাশ হোৱাৰ পিচতো আৰক্ষী বৰ্তমানলৈ অনুৰাগ চলিহাৰ পৰা ফোন কাঢ়ি নি আপত্তিজনক ফটো ভাইৰেল কৰা ব্যক্তিক আটক কৰিব পৰা নাই ৷ ফোন কাঢ়ি নিয়া সকলৰ ভিতৰত আছিল অভিমান্যু দাস, অসীম চক্ৰৱৰ্তী, কুলদ্বীপ দাস, ৰেখান্ত, দিবন ডেকা । কিন্তু এই ঘটনাৰ তদন্তই কি ৰূপ ল’ব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক:BJP Kishan morcha news: ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত স্বামীৰ প্ৰতিক্ৰিয়া