ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী কাছাৰত উদ্ধাৰ হোৱা বন্যপ্ৰাণী - অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী হ'ল কাছৰত উদ্ধাৰ হোৱা বন্যপ্ৰাণী

শুকুৰবাৰে পুৱাৰ ভাগত অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হ'ল কাছাৰত উদ্ধাৰ হোৱা বিদেশী বন্যপ্ৰাণী সমূহ।

Assam State Zoo
অসম ৰাজ্যিক চিৰিয়াখানা
author img

By

Published : Jul 31, 2020, 3:15 PM IST

গুৱাহাটী, 31 জুলাই : মঙলবাৰে কাছাৰ বন বিভাগে সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা বিদেশী বন্যপ্ৰাণী সমূহ আলহী হ'ল অসম ৰাজ্যিক চিৰিয়াখানাৰ। শুকুৰবাৰে পুৱাৰ ভাগত কাছাৰৰ পৰা আহি গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা পালেহি বন্যপ্ৰাণী সমূহ। মঙলবাৰে নিশা কাছাৰ জিলাৰ লাইলাপুৰ বন শিবিৰৰ ওচৰত বন বিভাগে টি এছ-০৮-ইউ বি-১৬২২ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাৰ বহু বন্যপ্ৰাণী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

অসম ৰাজ্যিক চিৰিয়াখানাৰ আলহী কাছাৰত উদ্ধাৰ হোৱা বন্যপ্ৰাণী

লগতে পঢ়কঃ পিক, থু আদিয়ে বৃদ্ধি কৰিছে নেকি কৰ'ণাৰ সংক্ৰমণ !

তথ্য অনুসৰি, ট্ৰাকখনৰ ভিতৰৰ পৰা বন বিভাগে ১ টা কেংগেৰু,৬টা মেকাও ভাটৌ চৰাই,৩টা কাছ আৰু ২টা বান্দৰ উদ্ধাৰ কৰিছিল। বন বিভাগৰ লোকে বিদেশী বন্যপ্ৰাণী সমূহ জব্দ কৰাৰ লগতে বন্যপ্ৰাণী সমূহ সৰবৰাহৰ লগত জড়িত দুজন লোককো আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে সৰবৰাহকাৰী দুজনে ম্যানমাৰৰ পৰা মিজোৰাম হৈ গুৱাহাটীলৈ বন্যপ্ৰাণী সমূহ ট্ৰাকেৰে আনি থকাৰ পথত লাইলাপুৰত বন বিভাগৰ জালত পৰে বন্যপ্ৰাণী সৰবৰাহ কৰা ট্ৰাকখন।
বৰ্তমান সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা বন্যপ্ৰাণী সমূহক অসম ৰাজ্যিক চিৰিয়াখানাত চিকিৎসকৰ দলে নিৰীক্ষণ কৰি আছে। ক্ৰমাৎ সুস্থ হৈ উঠিছে বন্যপ্ৰাণী সমূহ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.