ETV Bharat / state

শূণ্য সহনশীলতাঃ দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি জ্যেষ্ঠ বিজেপি নেতাৰ

author img

By

Published : Jul 24, 2020, 1:45 PM IST

Updated : Jul 24, 2020, 2:43 PM IST

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত চৰকাৰে দিয়া‌ জলপানিৰ ধন প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাৰ পৰিৱৰ্তে আন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা বিষয়ত ভিজিলেঞ্চ বা চি আই ডিৰ তদন্তৰ বিচাৰি মুখ্যমন্ত্ৰী লৈ চিঠি প্ৰদান কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে ৷

মুখ্যমন্ত্ৰীলৈ চিঠি জ্যেষ্ঠ বিজেপি নেতাৰ

গুৱাহাটী, 24 জুলাই : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এইবাৰ দলৰে এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়কে কোটি টকীয়া দুৰ্নীতিৰ চি আই ডি বা ভিজিলেঞ্চৰ তদন্ত বিচাৰি চিঠি প্ৰেৰণ কৰিছে ৷ যিখন গোপন চিঠিৰ প্ৰতিলিপি আহি পৰিছে ই টিভি ভাৰতৰ ওচৰত ৷ সোণোৱাল চৰকাৰে শাসনত বহিয়েই ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত কোটি কোটি টকাৰ কেলেংকাৰী হোৱাৰ তথ্য উদঘাটন কৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিছিল । কিন্তু আমোদজনক কথাটো হ'ল যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালতো সংঘটিত হৈছে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত বহু দুৰ্নীতি ৷ সংখ্যালঘু নোহোৱাকৈয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে এই আঁচনিৰ‌ ধন ৷

এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়ক, প্ৰাক্তন বিৰোধী দলপতি তথা বৰ্তমান এ আই ডি‌ চিৰ অধ্যক্ষ মিছন ৰঞ্জন দাসে ২১ জুলাইত এখন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে । য'ত কোৱা হৈছে যে, সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত চৰকাৰে দিয়া‌ জলপানিৰ ধন প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰাৰ পৰিৱৰ্তে আন ছাত্ৰ-ছাত্ৰীকহে প্ৰদান কৰা হৈছে । ই দল আৰু চৰকাৰক বহু পৰিমাণে ক্ষতি কৰিছে ৷ গতিকে এই দুৰ্নীতিৰ তদন্তৰ দায়িত্ব ভিজিলেঞ্চ বা চি আই ডিক অৰ্পণ কৰিবলৈ প্ৰাক্তন বিধায়কগৰাকীয়ে পত্ৰখনৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে । সম্প্ৰতি বৰাক উপত্যকাৰ‌ নিজা সমষ্টিত বাহৰ পাতি থকা প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে ফোনযোগে যোগাযোগ কৰাত তেওঁ কয় যে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিশ্চয় এক উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আশাবাদী ৷

লগতে পঢ়ক: শাসকীয় দলে সংবিধানক কটাক্ষ কৰিছেঃ ৰিপুন বৰা

Last Updated : Jul 24, 2020, 2:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.