ETV Bharat / state

বিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰঃ সাঙুৰ খাইছে প্ৰাক্তন মন্ত্ৰীৰ নাম - "Taika bar" incident

লকডাউন বাহাল থকাৰ সময়তে সান্ধ্য আইন ভংগ কৰি মহানগৰীৰ জি এছ ৰোডত "টাইকা" নামৰ এই বাৰখন কি দৰে খোলা আছিল তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Parimal Sukla Baidya react about Guwahati "Taika bar" incident
বিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰ
author img

By

Published : May 30, 2020, 7:15 PM IST

গুৱাহাটী, 30 মে': লকডাউনৰ মাজতে বৃহস্পতিবাৰে নিশা মহানগৰীত তাণ্ডৱ সৃষ্টি কৰি "টাইকা" নামৰ এখন বাৰৰ মালিক আৰক্ষীৰ জালত পৰা ঘটনাই লৈছে নতুন মোৰ ৷ লকডাউন বাহাল থকাৰ সময়তে সান্ধ্য আইন ভংগ কৰি মহানগৰীৰ জি এছ ৰোডত "টাইকা" নামৰ এই বাৰখন কি দৰে খোলা আছিল তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সংবাদ মাধ্যমত উক্ত ঘটনা সন্দৰ্ভত বহু বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে শনিবাৰে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি লকডাউনৰ নিয়ম ভংগ কৰি বাৰখন খোলা ৰখাৰ অভিযোগত ইতিমধ্যে উক্ত বাৰখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ।

অতি গুৰুত্বপূৰ্ণ যে, "টাইকা" নামৰ উক্ত বাৰখনৰ অনুজ্ঞাপত্ৰ আছে মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজীৱলোচন পেগুৰ নামত ৷ অৰ্থাৎ বাৰখনৰ স্বত্বাধিকাৰী হৈছে প্ৰাক্তন মন্ত্ৰী পেগু । এই কথা প্ৰকাশ কৰিছে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেনেক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা ভংগ কৰি কেনেকৈ এই বাৰখন লকডাউনৰ সময়ত খোলা ৰখা হৈছিল সেয়াহে ডাঙৰ প্ৰশ্ন । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

"টাইকা" বাৰ বিতৰ্কৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, লকডাউনৰ মাজতে বৃহস্পতিবাৰৰ নিশা মহানগৰীত সান্ধ্য আইন উলংঘা কৰি তাণ্ডৱ সৃষ্টি কৰিছিল এজন সুৰামত্ত যুৱকে ৷ আনকি সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম কৰিছিল বাহনে ৷ ঘটনাৰ সময়ত দিছপুৰৰ পৰা ব্ৰহ্মপুত্ৰ অতিথিশালা অভিমুখে গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয় ৷ সেই সময়তে লকডাউন উলংঘা কৰি ভুল পথেৰে মুখ্যমন্ত্ৰী কনভয়ৰ সৈতে তীব্ৰগতিত আগবাঢ়িছিল বাহনখন ৷ ইয়াৰ পাছত ভঙাগড় আৰক্ষীয়ে দুগৰাকী যুৱতীসহ দুজন যুৱকক আটক কৰিছিল তাৰ মাজতে এজন আছিল আছিল মহানগৰীৰ জি এছ ৰোডত থকা "টাইকা" নামৰ বাৰখনৰ মালিক ৷

লগতে পঢ়কঃ খুমটাইত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.