ETV Bharat / state

অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা - অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব

নতুনকৈ ৭০০ সুৰা বিপনীৰে কোষাগাৰ টনকিয়াল কৰাৰ চেষ্টা ৰাজ্য চৰকাৰৰ । কৰ বৃদ্ধিৰ উপৰি বৰ্তমান পৰিস্থিতিত চৰকাৰৰ কোষাগাৰৰ বাবে পৰোক্ষ কৰ হিচাপে আবকাৰী ৰাজহেই চালিকা শক্তিত পৰিণত হৈছে । গাঁৱে-ভূঞে বিলাতী সুৰা সুলভ কৰি নতুনকৈ ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দি আবকাৰী বিভাগে বছৰি ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

excise department collecting target 3000 crore

author img

By

Published : Oct 2, 2022, 9:49 PM IST

গুৱাহাটী, 2 অক্টোবৰ: ধাৰত পোত যোৱা অৰ্থনীতি টনকিয়ালৰ নতুন কিটিপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ঋণৰ ওপৰত ঋণ লৈ ধাৰত পোত যোৱা অসম চৰকাৰৰ এতিয়া ৰাজহ সংগ্ৰহৰ লক্ষ্য হৈ পৰিছে সুৰা । বৰ্তমান সময়ত যেন ৰাজ্য চৰকাৰৰ ৰাজহৰ অন্যতম উৎস হৈছে আবকাৰী কৰ ।

কোভিডৰ(Covid 19) দুবছৰীয়া অচলাৱস্থা পৰিস্থিতিৰ বাবে দেউলীয়া হৈ পৰা ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চৰকাৰে অব্যাহত ৰাখিছে প্ৰচেষ্টা, অথচ হিতাধিকাৰী আঁচনিসমূহ কাৰ্যক্ষম কৰি ৰাখিবলৈ ঋণৰ উপৰি ঋণ ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । লক্ষণীয় বিষয় যে ভোটাৰ ৰাইজক সন্তুষ্ট কৰাৰ স্বাৰ্থত এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ধাৰ-ঋণ লৈ তৎ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ।

চৰকাৰী তথ্য মতে ৰাজ্য চৰকাৰৰ ধাৰে স্পৰ্শ কৰিছে প্ৰায় ১ লাখ ১২ হাজাৰ কোটি টকা । এই মুহূৰ্তত ৰাজ্য চৰকাৰে ঋণৰ বিপৰীতে ৭৫৩৩ কোটি টকা বাৰ্ষিক সুদ পৰিশোধ কৰিবলগীয়া হৈছে । এনে প্ৰেক্ষাপটত ৰাজহ ঘাটি জোৰা মাৰিবলৈ চৰকাৰখনে ৰাইজৰ মূৰত মাধমাৰ শোধাই কৰ বৃদ্ধি কৰাৰ বাহিৰে যেন বিকল্প পথ নোহোৱা হৈ পৰিছে ।

ইফালে কৰ বৃদ্ধিৰ উপৰি বৰ্তমান পৰিস্থিতিত চৰকাৰৰ কোষাগাৰৰ বাবে পৰোক্ষ কৰ হিচাপে আবকাৰী ৰাজহেই অন্যতম চালিকা শক্তি হিচাবে বিবেচিত হৈছে । ৰাজকোষৰ তলি উদং হোৱা এনে অর্থনৈতিক মন্দাৰ দিনত ৰাজ্য চৰকাৰে আবকাৰী ৰাজহ ঘাটি বৃদ্ধিৰ বাবে গাঁও-চহৰৰ অলিয়ে গলিয়ে ৱাইন শ্বপ খোলাৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে । অর্থাৎ ৰাজ্যখনত সুৰাৰ বন্যা বোৱাই সুৰাপায়ীক দিনে-নিশাই আকণ্ঠ পানৰ সুযোগ দিয়াৰ লক্ষ্যৰে আবকাৰী বিভাগে ৰাজ্যত নতুনকৈ ৭০০ খন ৱাইন শ্বপক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে (State govt will licensed 700 wine shops) ।

এক কথাত চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাতে গড়ে ৩০-৪০ খনকৈ নতুন ৱাইন শ্বপৰ অনুমতি দিব । ইতিমধ্যে আবকাৰী আয়ুক্তালয়ে প্ৰতিখন জিলাৰ আবকাৰী অধীক্ষকক নতুন ৱাইন শ্বপৰ অনুমতি দিব পৰা স্থান চিনাক্ত কৰি তালিকা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । সেই অনুসৰি এখন জিলাক বাদ দি বাকী সকলো জিলাই নতুন ৱাইন শ্বপৰ বাবে স্থান চিনাক্ত কৰি তালিকা প্ৰেৰণ কৰিছে ।

বৰ্তমানলৈ প্ৰায় ৭০০ টা স্থানত নতুন ৱাইন শ্বপ বহুওৱাৰ প্ৰস্তাৱ দিছে জিলাসমূহে । আবকাৰী আয়ুক্তালয়ে উক্ত তালিকা পৰীক্ষা কৰি অচিৰেই নতুন অনুজ্ঞাপত্ৰৰ আবেদন বিচাৰি বিভাগীয় জাননী জাৰি কৰিব বুলি জানিবলৈ পোৱা গৈছে । গাঁৱে-ভূঞে বিলাতী সুৰা সুলভ কৰি নতুনকৈ ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দি আবকাৰী বিভাগে (Assam excise department) বছৰি ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (excise department collecting target 3000 crore annually) ।

বিগত ২০২১-২২ বৰ্ষত আবকাৰী বিভাগে ২০০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও কোভিডজনিত পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল । অৱশ্যে নতুনকৈ ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিলে কোনো অসুবিধা নোহোৱাকৈ ৩০০০ কোটি টকাৰ ৰাজহৰ লক্ষ্য স্পৰ্শ কৰিব পাৰিব বুলি আবকাৰী বিভাগ আশাবাদী । যি সময়ত গ্ৰাম্যঞ্চলত সহজলভ্য সুৰাৰ বাবে যুৱ প্ৰজন্ম নিচাসক্ত হৈ পৰাত সচেতন মহল তথা স্থানীয় লোক উদ্বিগ্ন হৈ পৰিছে তেনে সময়ত সাত শতাধিক সুৰা বিপণীয়ে অনাগত দিনত যে সমাজত বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত ।

লগতে পঢ়ক: বিজেপি চৰকাৰৰ বিভাজনবাদী এজেণ্ডা ব্যৰ্থ কৰাটোহে সকলোৰে লক্ষ্য হোৱা উচিত: মেহবুবা মুফটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.