ETV Bharat / state

মহানগৰী গুৱাহাটীত মুকলি বিজেপিৰ শ্ৰেষ্ঠ বিপনিঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 10:19 PM IST

মহানগৰী গুৱাহাটীত দেখিবলৈ পোৱা গ'ল এখন বিশেষ বিপনি ৷"বিজেপিৰ শ্ৰেষ্ঠ বিপনি" নামেৰে মহানগৰীৰ চচলত মুকলি হ'ল বিশেষ বিপনিখন ৷ য'ত উপলব্ধ আলু-পিঁয়াজকে ধৰি সকলোবোৰ অত্যাৱশকীয় সামগ্ৰী ৷ কিন্তু বিশেষ বিপনীখনত উপলব্ধ অত্যাৱশকীয় সামগ্ৰীসমূহ দৰ্শন কৰিলেই দিব লাগিব 5টকা, সামগ্ৰীসমূহ চুই চালে দিব লাগিব 10টকা আৰু সামগ্ৰীসমূহৰ সৈতে ফটো তুলিলে পৰিশোধ কৰিব লাগিব 15টকা ৷

Exceptional protest against price rise at Guwahati
মহানগৰী গুৱাহাটীত মুকলি বিজেপিৰ শ্ৰেষ্ঠ বিপনিঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ

গুৱাহাটী,7অক্টোবৰঃ ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ৷ কিন্তু তেনে সময়তে মহানগৰী গুৱাহাটীত দেখিবলৈ পোৱা গ'ল এখন বিশেষ বিপনি ৷ "বিজেপিৰ শ্ৰেষ্ঠ বিপনি" নামেৰে মহানগৰীৰ চচলত মুকলি হ'ল বিশেষ বিপনিখন ৷ য'ত উপলব্ধ আলু-পিঁয়াজকে ধৰি সকলোবোৰ অত্যাৱশকীয় সামগ্ৰী ৷ কিন্তু বিশেষ বিপনীখনত উপলব্ধ অত্যাৱশকীয় সামগ্ৰীসমূহ দৰ্শন কৰিলেই দিব লাগিব 5টকা, সামগ্ৰী সমূহ চুই চালে দিব লাগিব 10টকা আৰু সামগ্ৰীসমূহৰ সৈতে ফটো তুলিলে পৰিশোধ কৰিব লাগিব 15টকা ৷ আনহাতে, যদিহে গ্ৰাহকে বিপনীখনৰ পৰা সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তাৰ বাবে বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। শূন্য শতাংশ সূতৰ হাৰত গ্ৰাহকে তিনিটা কিস্তিত ক্ৰয় কৰিব পাৰিব অত্যাৱশকীয় সামগ্ৰীসমূহ ৷

দৰাচলতে,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম একত্ৰিত যুৱ পৰিষদে প্ৰতীকী ৰূপত বিপণী সাজি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ বজাৰত সীমাহীনভাৱে জুইলগা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোৱে শনিবাৰে মহানগৰীৰ চচলত এই অভিনৱ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ চাৰি ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৱে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ফটোত মালা পিন্ধাই ধূপ-চাকি প্ৰজ্বলন কৰে । তদুপৰি সংগঠনটোৰ নেতৃবৃন্দই পিঁয়াজ বিতৰ্কত সোমাই অসমবাসীৰ গালি-গালাজৰ সন্মুখীন হোৱা বিধায়ক প্ৰশান্ত ফুকনক চৰকাৰৰ অধীনস্থ প্ৰশান্তি লজত ভাত ৰান্ধনী হিচাপে নিযুক্তি দিবলৈ দাবী জনায় ৷ সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰা ৰাজ্য চৰকাৰ তথা যোগান বিভাগক অতি শীঘ্ৰে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনায় ৷ আনহাতে শনিবাৰৰ ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সভাপতি সূৰজিৎ ভূঞা, সম্পাদক বিদ্যুৎ কলিতাসহ কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে সংগঠনটোৰ মহানগৰ সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়কঃঅসমীয়া সু-স্বাদু খাদ্যৰে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.