গুৱাহাটী, 16 ফেব্ৰুৱাৰী: প্ৰতীক হাজেলাৰ পৰা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই মাহে 16 লাখকৈ টকা লোৱাৰ গুৰুতৰ অভিযোগ এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ । সামাজিক মাধ্যমত হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক অভিযোগ । হিতেশ দেৱ শৰ্মাই অসত্য কথা কোৱা বুলি দাবী কৰি হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা সদৰী সমুজ্জ্বল ভট্টাচাৰ্যৰ (Allegation against Samujjal Bhattacharya)।
অসমৰ দীৰ্ঘদিনীয়া জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিক লৈ (NRC ASSAM) অসমবাসী আশাবাদী আছিল যদিও আজিও সমগ্ৰ প্ৰক্ৰিয়াটো এক নুবুজা সাঁথৰ হৈয়ে ৰ’ল । আশা কৰা হৈছিল এন আৰ চিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব । বহু অপেক্ষাৰ অন্তত অসমে এখন এন আৰ চি লাভ কৰিলে যদিও লাভ নকৰিলে কোনো ফলাফল । NRC খনৰ আঁৰত যেন সকলো দল-সংগঠনে নিজৰ স্বাৰ্থ পূৰণ কৰিলে । তাৰেই আভাস দিছে এন আৰ চিৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ( Hitesh Dev Sarma) ।
উল্লেখ্য যে, 31 জুলাইত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণৰ পাচতে আগষ্ট মাহত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়োৱা হিতেশ দেৱ শৰ্মাই পুনৰ সামাজিক মাধ্যম যোগে আন কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে । এইবাৰ তেওঁ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কোন সঁচা নাইবা কোন মিছা সেয়া সময়েহে ক'ব যদিও হিতেশ দেৱ শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Samujjal Bhattacharya NRC News) ৷
হিতেশ দেৱ শৰ্মাৰ অভিযোগ অনুসৰি পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে সমুজ্জ্বল ভট্টাচাৰ্যই 16 লাখকৈ টকা লৈছিল । কেলেংকাৰীৰ ভাগ হিচাপে এই ধন লৈছিল বুলি উল্লেখ কৰি ইয়াক অৱশ্যে তেওঁ বজাৰৰ খবৰ আখ্যা দিয়ে । সত্যাসত্য নাজানো বুলিও উল্লেখ কৰিছে তেওঁৰ ফেচবুক প’ষ্টটোত । কিন্তু কেলেংকাৰীৰ তদন্ত হ'লে সকলো গম পোৱা যাব বুলি তেওঁ কৌশলেৰে কথাখিনি সামাজিক মাধ্যমত লিখিছে ।
দুটাকৈ দিয়া প’ষ্টৰ প্ৰথমটোত তেওঁ লিখিছে, ‘‘আঢ়ৈ বছৰত বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো । বেছ দীঘলীয়া সময় । আছুৰ নেতৃত্বই মোক এবাৰো লগ নকৰিলে । অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰী ফাদিল কৰিছিলো । প্ৰতীক হাজেলা সমন্বয়ক থাকোঁতে প্ৰায়েই সন্ধিয়া সমুজ্জ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল । কিহৰ বাবে ? বজাৰৰ খবৰ, সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাবে মাহে ১৬ লাখ টকা লৈছিল । সত্যাসত্য নাজানো । কেলেংকাৰীৰ তদন্ত হ'লে হয়তো গম পোৱা যাব (Samujjal took money from Prateek Hajela) ।’’
লগতে তেওঁ লিখিছে, ‘‘কিন্তু এটা কথা সত্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্জ্বল ভট্টাচাৰ্যয়ো পৰিপুৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল । একে নাৱৰ যাত্ৰী ?’’
আন এটা প’ষ্টত হিতেশ দেৱ শৰ্মাই লিখিছে, ‘‘আছুৰ নেতৃত্বই প্ৰতীক হাজেলাক মনে প্ৰাণে ভাল পায় । মই এন আৰ চিৰ Executive Director ৰ পদৰ পৰা ওলাই আহিছিলো, এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদত । 2017 চনৰ মাজভাগৰ কথা । এদিন আছুৰ উপদেষ্টা বসন্ত ডেকাক ফোন কৰি কলোঁ এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদ কৰিবলৈ । আচৰিত ভাৱে উত্তৰ আহিল,‘‘আপুনি এতিয়া এন আৰ চিত নাই, গতিকে এন আৰ চিৰ ওপৰত একো নক’ব । বিশেষকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে একো কথা নক’ব । তেওঁ এজন ভাল বিষয়া ।’’ এই ভালোবাসাবোৰৰ কাৰণ ৰাইজে বুজিব ।’’
এই দুট প’ষ্টৰযোগে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আছুৰ বিৰুদ্ধে হিতেশ দেৱ শৰ্মাই বিস্ফোৰক অভিযোগ আনিছে । এই অভিযোগক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (Assam NRC News Update) ।
নিজৰ প্ৰতিক্ৰিয়াত ভট্টাচাৰ্যই কয়, ‘‘প্ৰতীক হাজেলাৰ পৰা মাহে 16 লাখ টকাকৈ লোৱা বুলি হিতেশ দেৱ শৰ্মাই কৰা মন্তব্য গোকাট মিছা । তেওঁ এজন চূড়ান্ত মিছলীয়া লোক । সস্তীয়া প্ৰচাৰৰ বাবে তেওঁ প্ৰলাপ বকিছে । সুস্থ মানসিকতাৰ লোকে কেতিয়াও এনে কাণ্ডজ্ঞানহীন কথা নকয় । তেওঁ মানসিক চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত । এনে অসত্য কথা কোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম ৷‘‘
হিতেশ দেৱ শৰ্মাৰ অভিযোগ পোনচাটেই নাকচ কৰি তেওঁ মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা সদৰী কৰিছে । তেওঁ লগতে কয় যে, আছুৱে আৰম্ভণিৰ পৰাই অসম চুক্তিৰ আধাৰত নাগৰিকপঞ্জী উন্নীতকৰণৰ কথা কৈ আহিছিল । বাংলাদেশী নামমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত নোহোৱা পৰ্যন্ত আছু ক্ষান্ত নহয় বুলিও তেওঁ লগতে কয় ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে আগষ্ট মাহত হিতেশ দেৱ শৰ্মাই সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছিল ৷ তেওঁ কৈছিল যে, এন আৰ চিৰ ক্ষেত্ৰত আছুৰ ভূমিকা সন্দেহজনক আছিল । আছুৱে ভুল জানিও মাত মতা নাছিল । বংশবৃক্ষত হোৱা সকলো ভুল জানিও আছুৱে পুনৰীক্ষণৰ বাবে কোনোদিনেই মাত মতা নাছিল । আনকি তেওঁ আছুৱে জাতিক উদ্ধাৰ কৰিলে নে জাতিৰ অধঃপতন আনিলে সেইটো ৰাইজে জানে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল ।
কিন্তু কিমান সঁচা হিতেশ দেৱ শৰ্মাই সমুজ্জ্বল ভট্টাচাৰ্য আৰু আছুৰ বিৰুদ্ধে অনা এই অভিযোগ ? যদিহে এই অভিযোগ সঁচা প্ৰমাণিত হয় তেতিয়া সমুজ্জ্বল ভট্টাচাৰ্যই নিজকে এজন শোষিত-নিষ্পেষিত জনতাৰ প্ৰতিনিধি বুলি ক’ব পাৰিব নে ? নে কেৱল সুবিধা ভোগৰ ৰাজনীতিহে কৰিলে সমুজ্জ্বল ভট্টাচাৰ্যই ? আগদিনা কেব কাৰ আন্দোলন কৰি পাচদিনা যদি ন্যস্ত স্বাৰ্থৰ সিদ্ধিৰ বাবে কাম কৰিছে সেয়া সঁচাকৈয়ে অসমীয়া জাতিটোৰ বাবে এক দুৰ্ভাগ্যজনক কথা হ’ব ৷ অৱশ্যে সমুজ্জ্বল ভট্টাচাৰ্যই গোচৰ তৰিলে তাৰ তদন্তৰ পাচতহে স্পষ্ট হ’ব সকলো কথা ৷
ইতিমধ্যেই সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে প্ৰাক্তন এন আৰ চি সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ভয়ংকৰ অভিযোগৰ পিচতেই সামাজিক মাধ্যমত ব্যাপকভাৱে সমালোচিত হৈছে ভট্টাচাৰ্য ৷ নেটিজেনৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, হয়তু সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস নাই ৷ আছুৰ দুলীয়াজান অধিৱেশনলৈ বিবেকেৰে পদত্যাগ কৰবিলৈ যোৱা সমুজ্জ্বল ভট্টাচাৰ্যই পদত্যাগ নকৰি নিজকে আছুৰ সৰ্বেসৰ্বা কৰি ৰখাৰ আঁৰৰ কাৰণ এইবোৰেই আছিল নেকি বুলিও প্ৰশ্ন কৰিছে একাংশই ৷ সৱিশেষ পোহৰলৈ আহিবলৈ এতিয়া অপেক্ষা কৰিব লাগিব সকলোৱে ৷
উল্লেখ কৰা প্ৰয়োজন যে, কেগৰ প্ৰতিবেদনতো NRCত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা পৃষ্ঠাই পৃষ্ঠাই উল্লেখ আছিল (Assam NRC Corruption) ৷ কিন্তু সেই দুৰ্নীতি কৰা সকল কোন কোন ?
লগতে পঢ়ক: CAG Report on NRC : কেগৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই NRC ৰ বিয়াগোম দুৰ্নীতিৰ তথ্য