ETV Bharat / state

LDP Merge With Congress : কংগ্ৰেছৰ লগতে চামিল হ’ল প্ৰদুৎ বৰা নেতৃত্বাধীন LDP

author img

By

Published : Mar 21, 2023, 9:33 PM IST

কংগ্ৰেছৰ লগতে চামিল হ’ল প্ৰদুৎ বৰা নেতৃত্বাধীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টী চমুকৈ LDP (LDP Merge With Congress) ৷ মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

LDP Merge With Congress Announces APCC President
কংগ্ৰেছ দলৰ লগত আনুষ্ঠানিকভাৱে চামিল হ’ল LDP

গুৱাহাটী, 21 মাৰ্চ : প্ৰদুৎ বৰা নেতৃত্বাধীন ‘‘লিবাৰেল ডেমক্ৰেটিক পাৰ্টী’’ (LDP) নামৰ আঞ্চলিক দলটোৱে মঙলবাৰে কংগ্ৰেছ দলৰ লগত আনুষ্ঠানিকভাৱে চামিল হয় (LDP Merge With Congress) । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত অনুষ্ঠানত ‘‘লিবাৰেল ডেমক্ৰেটিক পাৰ্টী’’ (LDP) নামৰ আঞ্চলিক দলটোৰ নেতা প্ৰদুৎ বৰা, গুণ গগৈ আৰু দীপালী শইকীয়াৰ নেতৃত্বত প্ৰায় ৪০০ কর্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে (APCC President Bhupen Kumar Borah)।

মঙলবাৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোৰ নেতা প্ৰদুৎ বৰা, গুণ গগৈ আৰু দীপালী শইকীয়াৰ লগতে দলটোৰ কর্মীসকলক আদৰণি জনায় । উল্লেখ্য যে, প্ৰদুৎ বৰা এসময়ত বিজেপি ৰাজ্যিক সাধাৰণ সম্পাদক আছিল । পৰৱৰ্তী সময়ত কিছু মতভেদ হৈ তেওঁ বিজেপি ত্যাগ কৰি ‘‘লিবাৰেল ডেমক্ৰেটিক পাৰ্টী’’ নামৰ নতুন ৰাজনৈতিক দল গঠন কৰে ।

ইপিনে এই যোগদান কাৰ্যসূচীৰ পিচতে দলটোৰ নেতা প্ৰদুৎ বৰাৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল‌ সম্বোধন কৰে ৷ এই সংবাদমেলতে তেওঁ কয় যে ‘‘লিবাৰেল ডেমক্ৰেটিক পাৰ্টী’’ (LDP)ৰ নেতা প্ৰদুৎ বৰা, গুণ গগৈ আৰু দীপালী শইকীয়াই কংগ্ৰেছত যোগদান‌ কৰাৰ ফলত কংগ্ৰেছ দল উৎসাহিত হৈছে ।‌

তেওঁ আৰু কয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই প্ৰদুৎ বৰাক নিশ্চয় দায়িত্ব দিব । তেওঁৰ সহায়ত একেলগে এতিয়া বিজেপি বিৰোধী‌ যুঁজখন নিৰৱিচ্ছিন্নৱে চলাই নিয়া হ’ব । এই সংবাদমেলতে তেওঁ আৰু কয় আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি বিৰোধী ১০ টা ৰাজনৈতিক দল সন্মিলিত হৈছে । এই শক্তিয়ে অসমৰ‌ ১৪ খন লোকসভা আসনতে জয়ী হ’ব ।

ইপিনে কংগ্ৰেছত যোগদান কৰা প্ৰদুৎ বৰাই কয় যে, ২০১৪ চনৰ আগতে অসমত বিজেপি দল খিচৰি খোৱা‌ দল আছিল (Prodyut Bora critized BJP) । তেওঁ কয় যে, ৰাজনীতি সদায় কেতিয়াও একে নাথাকে । বিজেপি দল পুনৰ আগৰ‌ অৱস্থালৈ ঘূৰি‌ যাব বুলিও ভূপেন বৰাই উল্লেখ কৰে ।

উল্লেখ্য যে, পূৰ্বতে প্ৰদ্যুৎ বৰা আছিল বিজেপিৰ আই টি চেলৰ প্ৰতিষ্ঠাপক আহ্বায়ক ৷ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট গুৰুত্ব আছিল বৰাৰ ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁ বিজেপি ত্যাগ কৰি লিবাৰেল ডেমক্ৰেটিক পাৰ্টী গঠন কৰে ৷ অৱশেষত একালৰ ‘‘বিজেপিৰ ভাল মানুহ’’ খ্যাত প্ৰদ্যুৎ বৰা এতিয়া লীন গ’ল ৷

লগতে পঢ়ক : Assam assembly updates: চৰ চাপৰিৰ উন্নয়নৰ বাবে বিধায়কক মনোযোগ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.