ETV Bharat / state

গুৱাহাটী পৌৰ নিৰ্বাচন 2022 : কেইবা ঠাইতো বিকল EVM

author img

By

Published : Apr 22, 2022, 12:59 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC election 2022)ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত আহি পৰিছে বাধা ৷ কিয়নো গুৱাহাটী পৌৰ নিগমৰ 1নং ৱাৰ্ডৰ অন্তৰ্গত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰিছে ইভিএম মেচিন (EVM machine failure in GMC voting) ৷

গুৱাহাটী পৌৰ নিৰ্বাচন 2022
গুৱাহাটী পৌৰ নিৰ্বাচন 2022

গুৱাহাটী, 22 এপ্ৰিল : শুক্ৰবাৰে পুৱা 7.30 বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় (GMC election 2022 voting start) ৷ তথ্য অনুসৰি, বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ভোটগ্ৰহণৰ কিছু পাচতেই বিকল হৈ পৰে ইভিএম মেচিন (EVM machine failure in GMC voting) ৷ যাৰফলত ভোটগ্ৰহণ আহি পৰে বাধা ৷

গুৱাহাটী পৌৰ নিৰ্বাচন 2022
গুৱাহাটী পৌৰ নিৰ্বাচন 2022

গুৱাহাটী পৌৰ নিগমৰ 1 নং ৱাৰ্ডৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ ভাগত ইভিএম মেচিন বিকল (EVM defect in Guwahati) হৈ পৰাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ পৰে । গুৱাহাটী পৌৰ নিগমৰ 1নং ৱাৰ্ডৰ অন্তৰ্গত গাড়ীগাঁও এম ই স্কুলৰ ভোট গ্ৰহণ নং 5 আৰু 6, গাড়ীগাঁও বেজপৰা এল পি স্কুলৰ ভোট গ্ৰহণ নং 7 আৰু 8, জালুকবাৰী ছোৱালী স্কুলৰ ভোট গ্ৰহণ নং 9, 10 আৰু 11 আৰু সদিলাপুৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ 13, 14 ৰ ইভিএম মেচিন ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পাচতেই বিকল হৈ পৰে ।

যাৰবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত পুৱাৰে পৰা ভোটদানৰ বাবে শাৰী পাতি থকা ভোটাৰসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।

লগতে পঢ়ক : উচ্চ শিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত নকৰাসকল দেশদ্ৰোহী : ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

প্ৰায় এঘন্টা ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান বন্ধ হৈ থকাৰ পিছত ইভিএম মেচিনবোৰ সক্ৰিয় কৰা হয় । তাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদান আৰম্ভ হয় । যাৰবাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ যথেষ্ট ভিৰ হৈ পৰিলক্ষিত হৈ পৰে । আনকি বহু ভোটাৰে প্ৰায় দুঘন্টা অপেক্ষাৰ অন্ততহে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

গুৱাহাটী পৌৰ নিৰ্বাচন 2022

এই সন্দৰ্ভত গাড়ীগাঁও বেজপৰা এল পি স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা অজাপৰ উপ-সভাপতি দুলু আহমেদে প্ৰকাশ কৰে তেওঁৰ প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে, জিলা নিৰ্বাচনী বিভাগৰ গাফিলতিৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইভিএম মেচিন বিকল হৈছে । ইয়াৰ বাবে সাধাৰণ ভোটাৰ হাৰশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছে ।

ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইভিএম মেচিন বিকল হৈ পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত গৌৰি শংকৰ দাস ৷ তেওঁ উল্লেখ কৰা অনুসৰি, বৰ্তমান ইভিএম মেছিনবোৰ সক্ৰিয় কৰা হৈছে আৰু সুচাৰুৰূপে ভোটদান চলি আছে ।

লগতে পঢ়ক : গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.