গুৱাহাটী, ১৯ জানুৱাৰী: ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক লগত লৈ গুৱাহাটীৰ অনিল নগৰত উপস্থিত হয় (Minister Ashok Singhal at Anil Nagar)৷ মন্ত্ৰীগৰাকীয়ে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্যৰ বুজ লয় । লগতে তেওঁ অনিল নগৰ তথা ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী বাছ আস্থানৰ সমীপত ভৰলু নদীৰ দুয়োপাৰৰ বহু অংশ পৰিদৰ্শন কৰি অঞ্চলটোত হোৱা নদীখনৰ বেদখলকাৰ্যও প্ৰত্যক্ষ কৰে (Minister Ashok Singhal on flood free Guwahati)।
উল্লেখ্য যে মহানগৰীৰ অনিল নগৰত সম্প্ৰতি উন্নত প্ৰযুক্তিৰে ভৰলু নদীৰ গাৰ্ডৱালৰ নিৰ্মাণকাৰ্য চলি আছে । নিৰ্মাণস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মাণকাৰ্য নিখুঁত আৰু খৰতকীয়া কৰাৰ বাবে কৰ্তব্যত নিয়োজিত ঠিকাদাৰক নিৰ্দেশ দিয়ে । আনহাতে ভৰলু নদীৰ পাৰ দখল কৰি হোৱা অবৈধ নিৰ্মাণকাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই এনে বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে । অঞ্চলটোৰ নৈপৰীয়া পথৰ কিছু অংশ অতিশয় সংকুচিত হৈ পৰা প্ৰত্যক্ষ কৰি এনে অংশসমূহ প্ৰয়োজনীয়ভাৱে বহল কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশনা দিয়ে ।
এই এলেকাসমূহ ভ্ৰমণ কৰি সংশ্লিষ্ট সমগ্ৰ বিষয়সমূহৰ পুংখানুপুংখভাৱে বুজ লোৱাৰ বাবে চক্ৰ বিষয়া আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । তেওঁ লগতে কয় যে মহানগৰীখনক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ ৪২টা স্থানত চলিব উচ্ছেদ অভিযান (Eviction drive in Guwahati)। অবৈধ বেদখলেৰে নলা বা নদীসমূহ সংকুচিত কৰি পেলোৱা স্থানসমূহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব (Eviction drive against encroachments)।
‘মিছন বানমুক্ত গুৱাহাটী’ ক্ষীপ্ৰ আৰু সফল ৰূপায়ণৰ লক্ষ্যৰে মহানগৰখনৰ বিভিন্ন ঠাইত উচ্ছেদ, নলা-নৰ্দমাসমূহৰ পৰিস্কাৰকৰণ, খনন আদি চলি আছে। ইতিমধ্যে এই সন্দৰ্ভত মন্ত্রী সিংহলে বিভিন্ন বিভাগৰে পৰ্যালোচনা বৈঠকত মিলিত হৈছিল । বাৰিষাৰ পূর্বে ‘মিছন বানমুক্ত গুৱাহাটী’ৰ যাতে ফলপ্রসূ ৰূপায়ন কৰিব পৰা যায়, তাৰ বাবে মন্ত্রীগৰাকীয়ে বিভাগ অনুযায়ী ভৱিষ্যত কাৰ্যপন্থাৰ নীতি-নিৰ্দেশনা দিছে ।
ইতিমধ্যে কাৰ্যসূচী সুচল ৰূপায়নৰ বাবে লোকনিৰ্মাণ আৰু গুৱাহাটী পৌৰনিগমক পৃথক পৃথককৈ নলা-নৰ্দমাসমূহৰ পৰিস্কাৰকৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে । ভৰলু, বাহিনী, লখিমীজান, মৰাভৰলু আৰু বশিষ্ঠ নদীক পুনৰ্জ্জীৱিত কৰাৰ লগতে বিভিন্ন স্থানত উচ্ছেদ অভিযান জোৰদাৰ কৰি ‘মিছন বানমুক্ত গুৱাহাটী (Mission Flood Free Guwahati)’ সফল কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক মন্ত্রীগৰাকীয়ে নিৰ্দেশ দিছে ।
‘মিছন বানমুক্ত গুৱাহাটী’ৰ সিদ্ধান্ত অনুসৰি লোকনিৰ্মাণ বিভাগে মহানগৰীৰ ৯৫৪ টা পথৰ কাষৰ নলাৰ প্ৰায় ৮৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ আৱজৰ্নামুক্ত তথা গেদমুক্ত কৰিব । আনহাতে গুৱাহাটী পৌৰ নিগমে ১৪০ টা নলাৰ ২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ লগতে মহানগৰীৰ বুকুৰ পাঁচখন নদী ক্ৰমে ভৰলু, বাহিনী, লখিমীজান, মৰা ভৰলু আৰু বশিষ্ঠ নদীৰ আৱৰ্জনামুক্তকৰণৰ কাম কৰিব । এই আঁচনিৰ অধীনত পানী প্ৰৱহনৰ ক্ষেত্রত থকা বাধা আঁতৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক: Protest in Golaghat: ভূমি পট্টা বিচাৰি গোলাঘাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ