ETV Bharat / state

Protest Against Eviction : উচ্ছেদিত লোকৰ কাষত সাংসদ অজিত ভূঞা, মুখ্যমন্ত্ৰীলৈ হুংকাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ স্বাৰ্থত অসমৰ বহু মাটি অধিগ্ৰহণ কৰা হৈছে । উচ্ছেদ কৰা হৈছে খিলঞ্জীয়াৰ ভূমি । পুঁজিপতিক সন্তুষ্ট কৰাৰ বাবে কৃষক ৰাইজৰ পৰা ভূমি কাঢ়ি নিয়া হৈছে । সাম্প্ৰদায়িক, বিভাজনকামী ৰাজনীতি কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে সস্তীয়া ৰাজনীতিৰে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে । চচলৰ ধৰ্ণাস্থলীত সাংসদ অজিত ভূঞাৰ বিস্ফোৰণ (MP Ajit Bhuyan slammed Himanta Biswa Sarma) ।

author img

By

Published : Feb 25, 2023, 7:06 PM IST

ghy
ghy
চচলত উচ্ছেদিত লোকৰ প্ৰতিবাদস্থলীত সাংসদ অজিত ভূঞা

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : চৰকাৰৰ অমানৱীয় উচ্ছেদ তথা কৰ্প'ৰেটৰ হাতলৈ মাটিৰ হস্তান্তৰকৰণ বন্ধ কৰা আৰু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবী তুলি শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত উচ্ছেদিত ভূমিহীন নাগৰিকৰ পুনৰ সংস্থাপন দাবী সমিতিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (protest against Assam govt eviction) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুই শতাধিক উচ্ছেদিত লোকৰ প্ৰতিবাদী শ্লোগানৰে মুখৰ হৈ পৰে চচলৰ ধৰ্ণাস্থলী (evicted people dharna against Assam govt) ।

মিকিৰ বামুণী গাঁৱৰ পৰা আৰম্ভ কৰি গৰুখুঁটি, লামডিং, বৰচলা, বটদ্ৰবা, বাঘবৰ, লখিমপুৰ আদি অঞ্চলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিত লোকসকলে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী তোলে (evicted people protest demanding Rehabilitation) । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'-কাৰ্ড লৈ চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ কৰক, কৃষিভূমি পুঁজিপতি গোষ্ঠীক দিয়া বন্ধ কৰক, ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক, উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে (Assam govt eviction drive) ।

শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জনতাৰ দুখ-দুৰ্দশাৰ কথা বুজি নোপোৱা এইখন এখন ফেচিষ্ট চৰকাৰ (MP Ajit Bhuyan slammed Himanta Biswa Sarma) । গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ এইখন চৰকাৰে এতিয়া ফেচিষ্ট ৰূপ ধাৰণ কৰিছে । তাৰোপৰি এই চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকী এজন ফেচিষ্ট নেতা, তেওঁ গণতন্ত্ৰক বিশ্বাস নকৰে । এইগৰাকী ফেচিষ্ট নেতাৰ ইচ্ছাই এতিয়া আইন হৈ পৰিছে । তেওঁ বিচাৰকৰ আসনত বহি লৈছে বাবে আইন, আদালত, সাংবাদ মাধ্যম এইবোৰ অকণো পৰোৱা নকৰে ।

সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি পুনৰ কয়, পৰিবৰ্তনৰ কথা কৈ শাসনৰ গাদী দখল কৰা এইখন চৰকাৰৰ দিনত অসমৰ ৰাইজে পৰিবৰ্তন নেদেখা নহয় । সেয়া হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ স্বাৰ্থত অসমৰ বহু মাটি অধিগ্ৰহণ কৰা হৈছে । উচ্ছেদ কৰা হৈছে খিলঞ্জীয়াৰ ভূমি । পুঁজিপতিক সন্তুষ্ট কৰাৰ বাবে কৃষক ৰাইজৰ পৰা ভূমি কাঢ়ি নিয়া হৈছে । সাম্প্ৰদায়িক, বিভাজনকামী ৰাজনীতি কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সস্তীয়া ৰাজনীতিৰ বাবে ভোটাৰক কেনেকৈ হিন্দু-মুছলমান কৰি ল'ব পাৰি সেই ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে ।

চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে শনিবাৰৰ প্ৰতিবাদ ইতিবাচক বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে পুনৰ কয়, এনেদৰে অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ চলি থাকিলে অসমৰ ভৱিষ্যত অন্ধকাৰ হ'ব । মুখ্যমন্ত্ৰীৰ সম্পত্তিক লৈ মাত দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে গোটেই চৰকাৰখন লাগি পৰাৰো অভিযোগ কৰে তেওঁ । আনহাতে, কৰিবলৈ একো নাপাই তেওঁ সাংসদ পুঁজিৰ অপব্যৱহাৰ কৰা বুলি মিছা অভিযোগ উত্থাপন কৰা বুলিও উল্লেখ কৰে । লগতে মুখ্যমন্ত্ৰীলৈ প্ৰতাহ্বান জনাই সাংসদ অজিত ভূঞাই কয়, "মই ৪/৫ বাৰ জে'ললৈ যোৱা মানুহ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰঙাচকুলৈ মই ভয় কৰা মানুহ নহয় । হিমন্তৰ যদি সাহস আছে তেন্তে মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক । মই কিন্তু অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাম ।"

লগতে পঢ়ক :Hatigaon Fire: ধ্বংসস্তুপত বিচাৰিছে ২০ বছৰৰ কষ্টোপাৰ্জিত সমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.