ETV Bharat / state

লোকেল কুং ফুৰ বঞ্জোক মনত আছে নে ?

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 6:26 PM IST

Actor Bonny Deori interview: জনপ্ৰিয় ছবি লোকেল কুং ফুৰ ‘বঞ্জো’ চৰিত্ৰটোৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অসমীয়া অভিনেতা বনী দেউৰীৰ এক বিশেষ সাক্ষাৎকাৰ আজি আপোনালোকৰ বাবে লৈ আহিছো ।

Etv Bharatetv bharat special interview with actor bonny deori
বনী দেউৰীৰ এক বিশেষ সাক্ষাৎকাৰ
বনী দেউৰীৰ এক বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, 22 ডিচেম্বৰ : আজি শুনক ‘বঞ্জো’ চৰিত্ৰটোৰ সম্পৰ্কে খোদ বঞ্জোৰ মুখেৰেই । প্ৰথম প্ৰেম কেতিয়া হৈছিল অভিনেতা বনী দেউৰীৰ । প্ৰেম সম্পৰ্কে কি ক’লে অভিনেতা গৰাকীয়ে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত ।

আপোনালোকে জানে যে অসমীয়া ছবি ‘লোকেল কুং ফু’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল অভিনেতা বনী দেউৰীয়ে । ‘লোকেল কুংফু’ৰ ছবিখনৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলা অভিনেতা গৰাকীয়ে পৰৱৰ্তী সময়ত ‘লোকেল কুংফু ২’ কে ধৰি বহুকেইখন অসমীয়া ছবিত অভিনয় কৰা সুযোগ লাভ কৰে ।

বৰ্তমান 'লোকেল কুং ফু ৩'ৰ শ্বুটিংত ব্যস্ত অভিনেতাগৰাকী । শ্বুটিং চলি আছে গুৱাহাটীৰ জ্যোতিচিত্ৰবনত ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে, ‘লোকেল কুং ফু’ ছবিখন অসমৰ লগতেই উত্তৰ পূৰ্বাঞ্চলৰ তথা ভাৰতৰে প্ৰথমখন সমৰকলা কং ফুৰ আধাৰত নিৰ্মিত চিনেমা । পৰিচালক কেনি বসুমতাৰীয়ে পৰিচলনা কৰা লোকেল কুং ফু-৩ ছবিখন অহা বছৰৰ ৫ ছেপ্টেম্বৰত মুক্তি দিয়াৰ কথা ।

'লোকেল কুং ফু ৩' ছবিখনৰ উপৰিও বৰ্তমান আহিবলগীয়া নতুন ছবি স্বৰ্গৰথ, প্ৰজেক্ট লিগেছি, ফাইডিং মাইন, গোলাই চোৰৰ কামত ব্যস্ত অভিনেতা বনী দেউৰী । অভিনয় ক্ষেত্ৰখনত জড়িত হোৱাৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা গৰাকীয়ে কয়, ‘‘অভিনয় জগতলৈ আহিম বুলি মই কেতিয়াও ভবা নাছিলো । কেনি দাই মোক লোকেল লোকেল কুং ফুত এটা চৰিত্ৰ দিলে । যিটোৰ কাৰণে মানুহে মোক চিনি পালে । তাৰ পিচত মই ইঞ্জিনিয়াৰিং কৰিলো । ইঞ্জিনিয়াৰিং শেষ কৰি চাকৰি বিচাৰি থকা সময়ত লোকেল কুংফু ২ ৰ শ্বুটিং চলিলে । তেনেকৈয়ে অভিনয় জগতত সোমাই পৰিলো ।’’

লগতে পঢ়ক : আজি শুনক গান, কাইলৈ আমি লৈ আহিম ফেশ্বন টিপছ

চামাৰ-উইণ্টাৰ-ৱেডিং ফেশ্বনৰ টিপছ কণ্ঠশিল্পী সঞ্জিতা খাউণ্ডৰ মুখেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.