ETV Bharat / state

ETV BHARAT EXCLUSIVE : ডাষ্টবিনত ওলাইছে পি পি ই কিট (!) - mentally challenged person

কৰ'ণা ভাইৰাছকলৈ ধেমালি কৰিছে নেকি চৰকাৰ তথা জিলা প্ৰশাসনে। সৰুসজাই কোৱাৰাইণ্টাইন চেণ্টাৰৰ পৰা ১ কিলোমিটাৰ দূৰত্বত থকা লখৰা চাৰিআলিৰ ডাষ্টবিনত পেলালে পি পি ই কিট ৷ চৰকাৰৰ এই জ্ঞানহীন কাণ্ডৰ ফলত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা ৷

ETV BHARAT EXCLUSIVE : P P E KIT FOUND IN A DUSTBIN AT GUWAHATI CITY

author img

By

Published : May 14, 2020, 8:02 PM IST

Updated : May 14, 2020, 8:21 PM IST

গুৱাহাটী,14 মে' : কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ইটিভি ভাৰতৰ কেমেৰাত আৱদ্ধ হৈছে এটি ভয়াৱহ দৃশ্য ৷ মহানগৰীৰ লখৰা চাৰিআলিৰ এটা ডাষ্টবিনৰ দৃশ্য এয়া । ডাষ্টবিনটোত পেলাই দিয়া হৈছে কেইবাখনো পি পি ই কিট(!) আৰু এই পি পি ই কিট সমূহ পৰিধান কৰিছে এজন মানসিকভাবে বিকাৰগ্ৰস্ত লোকে। এই দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৱে বুজিব পাৰে চৰকাৰৰ তথা জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ কথা। ডাষ্টবিনলৈ ক'ৰ পৰা আহিল এই পি পি ই কিট সমূহ । এনেদৰে পেলাই দিয়া হয় নেকি কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ ৷

ETV BHARAT EXCLUSIVE : P P E KIT FOUND IN A DUSTBIN AT GUWAHATI CITY
মানসিক বাধাগ্ৰস্ত লোকে পিন্ধিছে পি পি ই কিট

এই মানসিকভাৱে বিকাৰগ্ৰস্ত লোকজনে এইদৰে পি পি ই কিট পৰিধান কৰি নিজৰ লগতে সমাজৰ বাবে বিপদ কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰৱল ৷ অঞ্চলটোৰ স্থানীয় ৰাইজ এতিয়া আতংকিত হৈ পৰিছে ৷ মানসিকভাবে বিকাৰগ্ৰস্ত লোকেজনক এনেদৰে পি পি ই কিট পৰিধান কৰা প্ৰত্যক্ষ কৰি কিছুমান লোকে বাধা দিছিল যদিও ইয়াৰ কোনো সুফল পোৱা নগ'ল। ৰাইজৰ সন্দেহ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহাৰ কৰাৰ পিচত এইদৰে পেলাই দিয়া হৈছে এই পি পি ই কিট সমূহ । ইয়াৰ পৰিণাম ভয়াৱহ হবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

ETV BHARAT EXCLUSIVE : গুৱাহাটী মহানগৰীৰ ডাষ্টবিনত ওলাইছে পি পি ই কিট !

যি সময়ত ভয়ানকভাৱে গুৱাহাটী মহানগৰীত COVID-19 আক্ৰান্ত চিনাক্ত হৈছে সেই সময়তে এই ঘটনাই হতচকিত কৰিছে প্ৰত্যক্ষদৰ্শীক ৷ এতিয়া প্ৰশ্ন হ'ল সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰ পৰিচালনা কৰা জিলা প্ৰশাসনৰ লোক সকলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহ নিষ্কাশন কৰাৰ দায়িত্ব কাক প্ৰদান কৰিছে ? কোনোবা এই সামগ্ৰী সমূহ নিষ্কাশন কৰাৰ দায়িত্ব আছে নে, এনেদৰে ডাষ্টবিনত পেলাই দিয়া হয় এই সামগ্ৰী সমূহ !

লগতে পঢ়ক : ঘনশ্যাম বৈশ্য় হত্যাকাণ্ড : হত্যাৰ সন্দেহৰ আঙুলি ব্যৱসায়ী মতি সিপানী লৈ !

Last Updated : May 14, 2020, 8:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.