ETV Bharat / state

অসমৰ ৮৩,৯১৮ হেক্টৰ ভূমিত চুবুৰীয়া ৰাজ্যৰ বেদখল

author img

By

Published : May 28, 2021, 7:59 PM IST

অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল ৷ চৰকাৰী তথ্য অনুসৰি নাগালেণ্ডে অসমৰ ৫৯,৪৯০ হেক্টৰ ভূমি বেদখল কৰিছে ৷ চৰকাৰৰ নিৰ্লিপ্ততা, অকৰ্মণ্যতা আৰু গা এৰা দিয়া মনোভাৱৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰিছে চুবুৰীয়া ৰাজ্যসমূহে ৷

encrochment of assam land by neighbouring state
অসমৰ ৮৩,৯১৮ হেক্টৰ ভূমিত চুবুৰীয়া ৰাজ্যৰ বেদখল

গুৱাহাটী, ২৮ মে': মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নগা দূৰ্বৃত্তই গুলিচালনা কৰা ঘটনাই পুনৰবাৰ উদঙাই দিছে বহু স্পৰ্শকাতৰ বিষয় । অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল কোনো নতুন কথা নহয় । বিগত কেইবা দশকজুৰি দিছপুৰৰ মছনদত বহি অহা চৰকাৰসমূহৰ নিৰ্লিপ্ততা, অকৰ্মণ্যতা আৰু গা এৰা দিয়া মনোভাৱৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে বেদখল কৰিছে চুবুৰীয়া ৰাজ্যসমূহে ।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি নাগালেণ্ডে অসমৰ ৫৯,৪৯০ হেক্টৰ ভূমি বেদখল কৰি থৈছে । কেৱল নাগালেণ্ডেই নহয়, চৰকাৰী তথ্য মতে ২১,৩৪৩ হেক্টৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশে বেদখল কৰি ৰাখিছে । মিজোৰামে ১,৫৩৬ হেক্টৰ অসমৰ ভূমিত ইতিমধ্যে বেদখল কৰিছে ।

মেঘালয়ে দখল কৰি থৈছে ১,৫২৪ হেক্টৰ অসমৰ ভূমি । আনকি ত্ৰিপুৰায়ো অসমৰ ভূমিত বেদখল চলাইছে । অসমৰ ২৫ হেক্টৰ ভূমি ত্ৰিপুৰাই বেদখল কৰি ৰাখিছে সুদীৰ্ঘ সময়জুৰি । অসম চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈয়েই চুবুৰীয়া ৰাজ্যসমূহে এনেদৰে বেদখল চলাই আহিছে‌ ।

নাগালেণ্ডে অসমৰ মাটিত বছৰৰ পিছত বছৰজুৰি চলাই অহা বেদখলৰ বিৰুদ্ধে ইতিমধ্যে ২০১৭ ত ৫ টা‌ গোচৰ, ২০১৮ ত ৩ টা গোচৰ, ২০১৯ ত ৮ টা আৰু ২০২০ ত ১৭ টা গোচৰ ৰুজু হৈ আছে । কেৱল গোলাঘাট জিলাতে নাগালেণ্ডে অসমৰ ৩৬,২৯৪ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে ।

একেদৰে, কাৰ্বি আংলঙত ১,১৭৫ হেক্টৰ আৰু যোৰহাটত ১৮,৯০৮ হেক্টৰ অসমৰ মাটি নাগালেণ্ডে বেদখল কৰি ৰাখিছে । অৰুণাচলে তিনিচুকীয়াত ৯,২৬৯ হেক্টৰ আৰু লখিমপুৰত ২২ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে ।

লগতে পঢ়ক : ৰঙানদী প্ৰকল্পই এৰিলে পানী, চিন্তিত লখিমপুৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.