ETV Bharat / state

জব্দকৃত নগদ ধন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি

author img

By

Published : Mar 31, 2021, 8:41 PM IST

অসম বিধানসভা নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ পাচতে বুধবাৰে জব্দ হোৱা নগদ ধন আৰু অবৈধ সুৰা সন্দৰ্ভত বিধানসভা নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ ৷ অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগে চলাইছে এই অভিযান ৷

election commissioner press release
নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি

গুৱাহাটী, 31 মাৰ্চ : চলিত অসম বিধানসভা নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি বিগত 26 ফেব্ৰুৱাৰীত বলবৎ হোৱাৰ পাচৰ পৰা নগদ ধন আৰু অন্যান্য সা-সামগ্ৰী মিলি এতিয়ালৈকে জব্দ কৰা হৈছে অভিলেখ সংখ্যক 110.83 কোটি টকা ৷ অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্ৰৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা ৷

বিগত 26 ফেব্ৰুৱাৰীত আচৰণ বিধি বলবৎ হোৱাৰ পৰা বৰ্তমানলৈকে 24.50 কোটি টকা নগদ ধন জব্দ কৰাৰ সমান্তৰালভাৱে অবৈধ সুৰাকে ধৰি 86.32 কোটি টকাৰ সা-সামগ্ৰী জব্দ কৰা হৈছে ৷ ইয়াৰ ভিতৰত অবৈধ সুৰাৰ পৰিমাণ 16.61 লিটাৰ আৰু এই সুৰাখিনিৰ বজাৰ মূল্য 33.44 কোটি টকা ৷

আনহাতে, স্থিৰ নিৰীক্ষণকাৰী গোট আৰু ফ্লায়িং স্কোৱাডে পৃথকে পৃথকে চলোৱা অভিযানত এতিয়ালৈকে জব্দ কৰা হৈছে 34.29 কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ ৷ ইয়াৰ ভিতৰত আছে- হেৰ’ইন 4,226.81 গ্ৰাম, টেবলেট 1,74,088 টা, ক্ৰিষ্টেলাইন মেথামফেটামাইন 10.27 কিল’গ্ৰাম, কেপচুল 1,22,100 টা, গাঞ্জা 6,892.823 কিল’গ্ৰাম, মৰ্ফিন 1,000 গ্ৰাম আৰু ব্ৰাউন চুগাৰ 252.85 গ্ৰাম ৷

ইয়াৰোপৰি, জব্দ কৰা হৈছে 3.68 কোটি টকাৰ মূল্যৰ 2,582.5 গ্ৰাম সোণ-ৰূপৰ অলংকাৰ ৷ 14.91 কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, জালুক, পপ্পী চিডকে ধৰি অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন সামগ্ৰীও জব্দ কৰা হৈছে ৷

বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্জীয়ন কৰা হৈছে ব্যয় বিধি উলংঘন সম্পৰ্কীয় 50 খন এজাহাৰ ৷ সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত 5,234 খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷

বিগত 30 মাৰ্চলৈকে নিৰ্বাচনী আচৰণ বিধি উলংঘন সম্পৰ্কীয় 1,272 টা অভিযোগ cVIGIL এপৰ যোগেদি লাভ কৰা হৈছে আৰু ইয়াৰে 908 টা অভিযোগৰ সত্যতা নিৰূপন কৰি গ্ৰহণ কৰা হৈছে বিধিসন্মত ব্যৱস্থা ৷ আনহাতে, বি-19 প্ৰ-পত্ৰৰ যোগেদিও লাভ কৰা হৈছে 1,424 টা লিখিত অভিযোগ ৷

ঠিক তেনেদৰে, নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্ৰাগছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰীক্ষণ দল, প্ৰৱৰ্তক আৰু নিয়ামক কৰ্তৃপক্ষসমূহে 24 ঘণ্টাই তদাৰক কৰি আছে ৷

লগতে পঢ়ক : ডুমডুমাৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী কংগ্ৰেছ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.