ETV Bharat / state

Ranoj Pegu: শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা হোৱা নাই; শিক্ষামন্ত্রীৰ চাফাই - Assam New Education policy

শৈক্ষিক পাঠ্যক্ৰমৰ উপৰি শিক্ষকৰ কেতবোৰ কাৰ্যক্ৰম থাকে । তাক অনাশৈক্ষিক বুলি ক'ব নোৱাৰি । বিদ্যালয় ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান । সকলো বিষয় শ্ৰেণীকোঠাতে নহয় । তাৰ বাবে বাহিৰত যাব লাগিব আৰু শিক্ষাৰ্থীসকলে ব্যৱহাৰিকভাৱে বুজিব লাগিব ।

Ranoj Pegu
Ranoj Pegu
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:30 PM IST

শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা হোৱা নাই; শিক্ষামন্ত্রীৰ চাফাই

গুৱাহাটী,৩ অক্টোবৰ: বিদ্যায়তনিক পাঠদানৰ উপৰিও শিক্ষাৰ্থীসকলক দেশ-জাতি-মাটিৰ প্ৰতি দায়বদ্ধ কৰিব লাগিব । ইয়াৰ বাবে শ্ৰেণীকোঠাৰ উপৰি ব্যাৱহাৰিক জ্ঞানো দিব লাগিব । এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ।

শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মঙলবাৰে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষামন্ত্রীগৰাকীয়ে । জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলক কোনোধৰণৰ অনাশৈক্ষিক কামত জড়িত কৰোৱা হোৱা নাই ।

শৈক্ষিক পাঠ্যক্ৰমৰ উপৰি শিক্ষকৰ কেতবোৰ কাৰ্যক্ৰম থাকে । তাক অনাশৈক্ষিক বুলি ক'ব নোৱাৰি । বিদ্যালয় ব্যক্তি নিৰ্মাণৰ অনুষ্ঠান বুলি সদৰী কৰি তেওঁ কয় যে শিক্ষাৰ্থীসকলে পোষণ সপ্তাহ, অমৃত বৃক্ষ আন্দোলন, মোৰ মাটি-মোৰ দেশ আদি কাৰ্যসূচীৰ বিষয়ে জনাটো দৰকাৰ ।

বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক সজাগ-সচেতন কৰি গঢ়ি তুলিব লাগিব । তাৰ বাবে কিছুমান কাৰ্যসূচীত ভাগ ল'ব লাগিব । তেওঁ লগতে কয় যে সকলো বিষয় শ্ৰেণীকোঠাতে নহয় । তাৰ বাবে বাহিৰত যাব লাগিব আৰু শিক্ষাৰ্থীসকলে ব্যৱহাৰিকতা বুজিব লাগিব ।

তেওঁ লগতে কয় যে গান্ধী জয়ন্তীৰ দিনা এঘণ্টা সময় দিয়া বাবে একাংশ শিক্ষকে অসন্তষ্টি ব্যক্ত কৰিছে । স্বচ্ছতাৰ ক্ষেত্রত এঘণ্টা সময় দিয়াকলৈ একাংশ শিক্ষকে ক্ষোভ প্ৰকাশ কৰা কাৰ্যক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে ।

তেওঁ লগতে কয় যে বিদ্যালয়লৈ নোযোৱা একাংশ শিক্ষকেই সামাজিক মাধ্যমত সৰৱ হৈ থাকে । গুণোৎসৱৰ প্ৰসংগত তেওঁ কয় যে পুনৰ গুণোৎসৱ ‍অনুষ্ঠিত কৰা হ'ব । গুণোৎসৱত এ-প্লাছ লাভ কৰা বিদ্যালয়সমূহে ২৫ হাজাৰ টকাকৈ লাভ কৰিব ।

আনহাতে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১৩ অক্টোবৰত চাইকেল বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । শিক্ষা সেতু এপৰ প্ৰসংগত তেওঁ কয় যে শিক্ষ‍সেতুৰ জৰিয়তে তথ্য লাভ কৰা হৈছে । শিক্ষক নিযুক্তিৰ ক্ষেত্রত অৱসৰ লাভ কৰিবলগীয়া শিক্ষকৰ পদ পূৰণৰ বাবে আগতীয়াকৈ বিজ্ঞাপন দিয়া হ'ব । শিক্ষক বদলিৰ প্ৰক্ৰিয়াও চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Shiksha Setu Assam: কাগজে-পত্রই থকা পাঁচ লক্ষাধিক শিক্ষাৰ্থীৰ অস্তিত্ব নাই শিক্ষা সেতু এপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.