ETV Bharat / state

Governments online portal launched: অনলাইন পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ - Education Minister Ronoj Pegu

শিক্ষক দিৱসৰ দিনাই শিক্ষামন্ত্ৰীৰ সংবাদমেল । সংবাদমেলত শ্ৰেণীকোঠাৰ বাহিৰত অনলাইন মাধ্যমেৰে বৃত্তিমুখী পাঠ্যক্ৰমৰ সুবিধা গ্ৰহণৰ ব্যৱস্থাৰে মুকলি কৰা হয় এটা পৰ্টেল । চৰকাৰৰ স্বয়ম পৰ্টেলৰ কথাও উল্লেখ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।

Education Minister launches online portal
অনলাইন পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 11:04 PM IST

অনলাইন পৰ্টেল মুকলি শিক্ষামন্ত্ৰীৰ

গুৱাহাটী,৫ ছেপ্টেম্বৰ: শ্ৰেণীকোঠাৰ বাহিৰত অনলাইন মাধ্যমেৰে বৃত্তিমুখী পাঠ্যক্ৰমৰ সুবিধা গ্ৰহণৰ ব্যৱস্থাৰে মুকলি কৰা হৈছে পৰ্টেল । আজিৰে পৰা ৰাজ্যৰ উচ্চশিক্ষাত সংযোজিত হ'ল অনলাইন বৃত্তিমুখী পাঠ্যক্ৰম । এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি অনলাইনৰ মাধ্যমেৰে বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব পাৰিব ।

আজি গুৱাহাটীৰ কাহিলিপাৰাস্থিত সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত পৰ্টেলটো মুকলি কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । অসম চৰকাৰ আৰু ইনফ'চিচৰ মাজত হোৱা চুক্তি মৰ্মে ইনফ'চিচে এই পৰ্টেলটো প্ৰস্তুত কৰিছে । ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে স্ব-ইচ্ছাই পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব আৰু নিয়োগৰ সুবিধা লাভ কৰিব ।

প্ৰসংগক্ৰমে তেওঁ ইতিমধ্য প্ৰৱৰ্তন কৰা চৰকাৰৰ স্বয়ম পৰ্টেলৰ কথাও উল্লেখ কৰে । তেওঁ কয় যে অফলাইনত লিমিটেড পাঠ্যক্ৰম থাকে যদিও অনলাইনত কোনো লিমিট নাই । ইয়াত ১২ হাজাৰৰো অধিক পাঠ্যক্ৰম আছে বুলি উল্লেখ কৰি তেওঁ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ফেকাল্টিসকলক শিক্ষাৰ্থীসকলক এই বিষয়ে অৱগত কৰাৰ বাবে আহ্বান জনায় ।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ইয়াৰ পাঠ্যক্ৰম যুগুত কৰা হৈছে । এই পৰ্টেলৰ যোগেদি ইনফ'চিচৰ বহু অনলাইন পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব । তেওঁ লগতে কয় যে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীক ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিব শিক্ষা বিভাগে ।

কেৱল বিজ্ঞান বা বাণিজ্যই নহয়, কলা শাখাটো হ'ব ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা । স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বা তৃতীয় ষান্মাসিকৰ পিছতে বিভিন্ন ক্ষেত্ৰত ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে । তাৰ বিনিময়ত ৰাজ্য চৰকাৰে দিব ক্ৰেডিট । অনুষ্ঠানত শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক: Tense situation prevail at Congress meeting:ডিব্ৰুগড়ৰ খোৱাং চাহ বাগিচাত কংগ্ৰেছৰ সভাত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.