ETV Bharat / state

অসম জাতীয় বিদ্যালয়ত ইংৰাজী ভাষাৰ প্ৰয়োগশালা আৰু দৃশ্য-শ্ৰব্য মাধ্যমৰ স্মাৰ্ট শ্ৰেণী কোঠা মুকলি - অসমীয়া ভাষা আন্দোলন

শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাটত আগবঢ়াই নিয়াৰ উদ্দেশ্যে মহানগৰীস্থিত অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ শিক্ষাৰ্থীসকলে অসমীয়া ভাষাৰ সমান্তৰালকৈ ইংৰাজী ভাষাও সাৱলীলভাৱে শিকাৰ উদ্দেশ্যে অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত মুকলি কৰা হয় ইংৰাজী ভাষাৰ প্ৰয়োগশালা আৰু দৃশ্য-শ্ৰব্য মাধ্যমত পাঠদান কৰিবলৈ এটি স্মাৰ্ট শ্ৰেণী কোঠা (Smart English classroom launch at Assam Jatiya Bidyalay) ৷

Assam Jatiya Bidyalay
অসম জাতীয় বিদ্যালয়ত মুকলি ইংৰাজী ভাষাৰ প্ৰয়োগশালা আৰু দৃশ্যশ্ৰাব্য মাধ্যমৰ স্মাৰ্ট শ্ৰেণী কোঠা
author img

By

Published : May 1, 2022, 6:28 PM IST

গুৱাহাটী, 1 মে’ : অসমীয়া ভাষা তথা কলা-সংস্কৃতিৰ সমান্তৰালকৈ শিক্ষাৰ্থীসকলৰ মাজত ইংৰাজী ভাষা অধিক শক্তিশালী কৰিবলৈ অসম জাতীয় বিদ্যালয়ে হাতত লৈছে আন এক বিশেষ পদক্ষেপ ৷ এইবাৰ মহানগৰৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত শনিবাৰে ইংৰাজী ভাষাৰ প্ৰয়োগশালা আৰু দৃশ্য-শ্ৰব্য মাধ্যমত পাঠদান কৰিবলৈ এটি স্মাৰ্ট শ্ৰেণী কোঠা মুকলি কৰা হয় ।

শ্ৰেণী কোঠাটি মুকলি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে (English language application and Audiovisual smart classroom)। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, ‘‘অসমীয়া ভাষা আন্দোলনৰ শিক্ষাত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়ে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ।

অসম জাতীয় বিদ্যালয়ত মুকলি ইংৰাজী ভাষাৰ প্ৰয়োগশালা আৰু দৃশ্যশ্ৰাব্য মাধ্যমৰ স্মাৰ্ট শ্ৰেণী কোঠা

অসম জাতীয় বিদ্যালয়ৰ অধীনত ৰাজ্যখনত দুই হাজাৰ বিদ্যালয় গঢ়ি উঠাৰ লগতে ছয় লাখ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি থকাটোৱে অতি প্ৰশংসনীয় পদক্ষেপ’’ । জীৱনত সফলতা অৰ্জন কৰিবলৈ হ’লে অসমীয়া ভাষাৰ জ্ঞানৰ উপৰিও ইংৰাজী ভাষাৰ শিক্ষাৰ জ্ঞানো আহৰণৰ আৱশ্যকীয়তা আহি পৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত চাৰিটা বিষয় খুবেই প্ৰয়োজন বুলি পৰামৰ্শ আগবঢ়াই মন্ত্ৰী গৰাকীয়ে কয় যে পঢ়া, লিখা, কোৱা আৰু শিকা এই চাৰিটা দিশ গুৰুত্ব সহকাৰে ল’ব লাগে । ইংৰাজী ভাষাৰ প্ৰয়োগশালাৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বহিঃৰাষ্ট্ৰত কোনো বাধা-বিঘিনি নোহোৱাকৈ শিক্ষা গ্ৰহণ কৰাৰ লগতে জীৱনত কৃতকাৰ্যতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে, এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ সচিব নাৰায়ণ শৰ্মা, ৰেক্টৰ ৰঞ্জিত নাৰায়ণ ডেকা, শৈক্ষিক বিষয়া নৰেন্দ্ৰ মোহন গোস্বামী, প্ৰধান শিক্ষক ঘনশ্যাম মেধি আদিকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল ।

লগতে পঢ়ক : বৰপেটাৰ পাটবাউসী সত্ৰত দামোদৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.