ETV Bharat / state

AEC students death: অসম অভিযান্ত্রিক মহাবিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

author img

By

Published : May 31, 2023, 6:33 PM IST

২৮ মে'ৰ মাজনিশা জালুকবাৰীত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্রৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই অসম চৰকাৰে । বুধবাৰে অসম অভিযান্ত্রিক মহাবিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু (Education Minister Dr Ronuj Pegu at Assam Engineering College) । দুৰ্ঘটনাটো সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী ।

Education Minister Dr Ronuj Pegu at Assam Engineering College
অসম অভিযান্ত্রিক মহাবিদ্যালয়ত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

গুৱাহাটী,৩১ মে' : গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্রৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই অসম চৰকাৰে(AEC students death) । ইতিমধ্যে উচ্চ শিক্ষা বিভাগে ঘটনাৰ তদন্ত ঘোষণা কৰাৰ পাচত বুধবাৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত উপস্থিত হয় (Education Minister Dr Ronuj Pegu at Assam Engineering College) । শিক্ষামন্ত্রী ডাঃ পেগুৱে মহাবিদ্যালয়খনত উপস্থিত হৈ দুৰ্ঘটনাটো সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে আলোচনাত মিলিত হয় ।

তেওঁ মহাবিদ্যালয়খনৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিৱেশৰ বুজ লয় (Assam Engineering College) । সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে চৰকাৰে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে । এই অনুসন্ধানৰ প্ৰক্ৰিয়াই ৰাজ্যখনৰ আন অভিযান্ত্ৰিক মহাবিদ্যালয়কো সামৰি ল'ব । তেওঁ লগতে কয় যে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে আজি ঘটনাটোৰ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিব । আনহাতে আগন্তুক ১৫ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব ।

Education Minister Dr Ronuj Pegu at Assam Engineering College
AEC ৰ অধ্যক্ষ আৰু হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে শিক্ষামন্ত্ৰীৰ আলোচনা

কি ধৰণে ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহ চলি আছে তাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব ৰাজ্যৰ কাৰিকৰী শিক্ষা বিভাগে । তেওঁ কয় যে কি পৰিস্থিতিত দুৰ্ঘটনাত পতিত হৈ সাতজনকৈ ছাত্রই মৃত্যুক সাবটি ল'ব লগা হ'ল সেই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে হোষ্টেলৰ ৱাৰ্ডেনৰ সৈতে আলোচনা কৰা হৈছে । ইতিমধ্যে উচ্চ শিক্ষা বিভাগে সমগ্ৰ ঘটনাটোৰ তদন্ত দিছে । ইয়াৰ লগতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ ছাত্র তথা ছাত্রী নিবাস সমূহত কি ব্যৱস্থাপনা আছে সেই সন্দৰ্ভতো অনুসন্ধান কৰাৰ বাবে চৰকাৰে কমিটীখনক দায়িত্ব প্ৰদান কৰিছে । এই ঘটনাক চৰকাৰে সহজভাৱে লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে তদন্তৰ পাচত ব্যৱস্থা গ্ৰহণ কৰা হ'ব (AEC accident news) ।

উল্লেখ্য যে ২৮ মে'ৰ মাজনিশা জালুকবাৰীত সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাতজনকৈ ছাত্রৰ মৃত্যু হৈছিল (Guwahati terrible road accident) । আনহাতে আহত তিনিজন ছাত্র বৰ্ত্তমানেও চিকিৎসাধীন হৈ আছে । দুৰ্ঘটনাটোত অসম অভিযান্ত্রিক মহাবিদ্যালয় ষষ্ঠ ছেমিষ্টাৰৰ ছাত্র ক্ৰমে গুৱাহাটীৰ অৰিন্দম ভাৱাল, নুমলীগড়ৰ নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱাৰ মৃত্যু হৈছিল ।

আনহাতে দুৰ্ঘটনাটোত আন তিনিজন ছাত্রৰ লগতে পিকাপ ভেনৰ আন তিনিজন লোককে ধৰি মুঠ ৬ জন আহত হৈছিল । এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে নানান প্ৰশ্নৰ অৱতাৰণা হৈছে । এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজ্য চৰকাৰে সকলো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সামগ্ৰিক পৰিৱেশ অনুসন্ধান কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । ইফালে দুৰ্ঘটনাটো সন্দৰ্ভত অসম অভিযান্ত্রিক মহাবিদ্যালয় কৰ্তৃপক্ষয়ো নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক: Assam Governor press meet in Bongaigaon:বঙাইগাঁৱত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.