ETV Bharat / state

লক ডাউন4.0: কৰ্মসংস্থাপন লাভ বহু শিক্ষিত যুৱকৰ - পশু চিকিৎসক ডাঃ খঞ্জিত মেধি

লক ডাউনৰ সময়ছোৱাত কৰ্মসংস্থাপন লাভ কৰিলে বহু শিক্ষিত যুৱকে । ব্ৰইলাৰ মুৰ্গী, ছাগলীৰ মাংস আৰু মাছ ব্যৱসায়ত নামিছে শিক্ষিত অসমীয়া যুৱক । নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ লগতে ৰাইজক অতি কম মূল্যত যোগান ধৰিছে মাছ-মাংস । গুৱাহাটী মহানগৰীৰ পশু চিকিৎসক ডাঃ খঞ্জিত মেধিয়েও তেওঁৰ আন 4 জন শিক্ষিত সহযোগী যুৱকৰ সৈতে লগ হৈ আৰম্ভ কৰিছে এই ব্যৱসায় ৷

লক ডাউন4.0: কৰ্মসংস্থাপন লাভ বহু শিক্ষিত যুৱকৰ
আত্মসংস্থাপনৰ নিদৰ্শন পশু চিকিৎসক ডাঃ খঞ্জিত মেধি
author img

By

Published : May 20, 2020, 1:20 PM IST

গুৱাহাটী, 20 মে’: দেশজুৰি অব্যাহত থকা লক ডাউনৰ ফলত নিম্নগামী হৈছে দেশৰ অৰ্থনীতি, কৰ্মসংস্থাপন হেৰুৱাইছে বহু লক্ষাধিক লোকে। এই কঠিন সময়ছোৱাত কিছু উচ্চ শিক্ষিত যুৱকে সক্ষম হৈছে নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ । ইয়াৰে এক উদাহৰণ হৈছে গুৱাহাটীৰ পশু চিকিৎসক ডাঃ খঞ্জিত মেধি । দেশত লক ডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা বজাৰত মাছ-মাংসৰ নাটনি হোৱাৰ ফলত মহানগৰবাসীয়ে অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল মাছ-মাংস । ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ পৰা পশু চিকিৎসক ডাঃ খঞ্জিত মেধিয়ে আৰম্ভ কৰে মানুহৰ ঘৰে ঘৰে গৈ অতি কম মূল্যত মাছ-মাংস যোগান দিয়াৰ ব্যৱসায় ।

হাতত তুলাচনীঋ- লৈ ৰাজপথত মাছ বিক্ৰী কৰি থকা ডাঃ খঞ্জিত মেধি পেচাত এজন পশু চিকিৎসক ৷ ২০০২ চনত পশু চিকিৎসকৰ শিক্ষা সম্পূৰ্ণ কৰি তেওঁ হাবাথুৰি খাইছিল এটি চাকৰিৰ বাবে । বৰ্তমান এইজন উচ্চ শিক্ষিত যুৱকে ব্যৱসায়ৰ দ্বাৰা নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ লগতে কৰ্মসংস্থাপন দিছে বহু শিক্ষিত যুৱকক ।

আত্মসংস্থাপনৰ নিদৰ্শন পশু চিকিৎসক ডাঃ খঞ্জিত মেধি

পশু চিকিৎসক ডাঃ খঞ্জিত মেধিক এই ক্ষেত্ৰত সহায়-সহযোগ আগবঢ়াই আহিছে ৰাজ্যিক পশু নিগমে । লক ডাউনৰ সময়ত মানুহৰ ঘৰে ঘৰে গৈ মাছ-মাংস যোগান ধৰাৰ বাবে তেওঁক অনুমতি প্ৰদান কৰে পশু নিগমে। কেৱল ডাঃ খঞ্জিত মেধিয়েই নহয়, লক ডাউনৰ এই সময়ত বহু উচ্চ শিক্ষিত অসমীয়া যুৱকে মাছ-মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ সক্ষম হোৱা দেখা গৈছে । ডাঃ খঞ্জিত মেধিৰ সহযোগী হিচাপে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে আন 4 জনকৈ শিক্ষিত যুৱক । ইতিমধ্যে তেওঁলোকে মহানগৰীৰ বিভিন্ন অঞ্চলত মাছ বিক্ৰী কৰি প্ৰতিদিনে ৫ হাজাৰতকৈও অধিক টকা লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বিশ্বনাথত আবকাৰী বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.