ETV Bharat / state

Constituency Delimitation: পূৰ্ণাংগ তালিকাত অনুসূচীত জাতি-জনজাতিৰ বাবে কিমান আসন সংৰক্ষণ কৰা হৈছে ?

author img

By

Published : Aug 11, 2023, 10:20 PM IST

বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্তত শুকুৰবাৰে প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ৷ চূড়ান্ত তালিকাক শাসকীয় পক্ষই পূৰ্বৰ দৰে আদৰণি জনালেও বিৰোধীয়ে এতিয়াও পূৰ্বৰ স্থিতিতে অটল আছে ৷ চূড়ান্ত তালিকাত মুঠ 126 টা বিধানসভা সমষ্টিৰ 19 টাৰ নাম সলনি কৰা হৈছে ৷

Etv Bharat
Etv Bharat

নিউজ জেস্ক, 11 আগষ্ট: ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে ৷ চূড়ান্ত তালিকা অনুসৰি বিধানসভাৰ 9 খন আসন অনুসূচীত জাতিৰ বাবে সংৰক্ষণ কৰা হয় ৷ পূৰ্বে এই আসনৰ সংখ্যা আছিল 8 খন আছিল ৷ আনহাতে লোকসভাত অনুসূচীত জাতিৰ বাবে এখন আসন সংৰক্ষণ কৰা হৈছে ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত জিলাসমূহৰ এখন বিধানসভা আসন বৃদ্ধি কৰা হৈছে ৷

আনহাতে 19 টা বিধানসভা সমষ্টি আৰু দুটা সংসদীয় সমষ্টি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে ৷ ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 330 আৰু 332 ৰ নিৰ্ধাৰিত ব্যৱস্থাৰ আধাৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সমষ্টি সংৰক্ষণ কৰা হৈছে ৷

উল্লেখ্য যে নিৰ্বাচন আয়োগে সংবিধানৰ অনুচ্ছেদ 170 আৰু অনুচ্ছেদ 82 অনুসৰি 2001 চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা হৈছে ৷

লোকপিয়ল আয়ুক্তৰ দ্বাৰা প্ৰকাশিত 2001 চনৰ লোকপিয়লৰ পৰিসংখ্যা এই সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে ৷ ৰাজ্যত ১২৬ টা বিধানসভা সমষ্টি আৰু ১৪ টা সংসদীয় সমষ্টি আছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত সৰ্বনিম্ন প্ৰশাসনিক গোটটোক গ্ৰাম্য অঞ্চলত ‘গাঁও’ আৰু চহৰাঞ্চলত ‘ৱাৰ্ড’ হিচাপে লোৱা হৈছে । সেই অনুসৰি, গাঁও আৰু ৱাৰ্ডসমূহ অক্ষত ৰখা হৈছে আৰু ৰাজ্যখনৰ কোনো ঠাইত ইয়াৰ ভাগ বাতোৱাৰা কৰা হোৱা নাই ৷ উন্নয়নৰ প্ৰশাসনিক গোট অৰ্থাৎ উন্নয়ন খণ্ড, পঞ্চায়ত (বিটিএডিৰ ভিচিডিচি) আৰু গ্ৰাম্য অঞ্চলৰ গাঁও আৰু পৌৰ পৰিষদ আৰু নগৰ অঞ্চলৰ ৱাৰ্ডৰ ওপৰত আধাৰিত কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰা হৈছে ৷

নিৰ্বাচন আয়োগে বিভিন্ন লোকৰ সৈতে এক বিস্তৃত পৰামৰ্শমূলক শুনানিৰ পিচত এই চূড়ান্ত তালিকা প্ৰস্তুত কৰিছে ৷ ইয়াৰ বাবে খচৰা প্ৰস্তাৱৰ ওপৰত গুৱাহাটীত তিনি দিনলৈ ৰাজহুৱা আয়োগে অনুষ্ঠিত কৰিছিল ৰাজহুৱা শুনানি ৷ সকলো লোকৰ পৰা পৰামৰ্শ গ্ৰহণৰ পাচতহে এই চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ কথা ঘোষণা কৰিছে নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে এই চূড়ান্ত তালিকাখনত মুঠ 19 টা বিধানসভা সমষ্টিৰ নাম সলি কৰা বিপৰীতে 1 টা লোকসভা সমষ্টিৰ নাম সলনি কৰা হৈছে ৷ পূৰ্বে খচৰা প্ৰকাশ পোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল যে কেৱল চৰকাৰে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবেই নিজৰ ইচ্ছা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে ৷ অৱশ্যে চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাচতো বিৰোধীৰ মাজত একেই প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.