ETV Bharat / state

CM press meet : 11 হাজাৰৰো অধিক বিহুৱা বিহুৱতীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 25 হাজাৰকৈ টকা - CM Himanta Biswa Sarma on Bihu

বুধবাৰে কেবিনেট বৈঠকৰ পাচতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল ৷ 14 এপ্ৰিলৰ পৰিৱৰ্তে 13 এপ্ৰিলত অনুষ্ঠিত হ’ব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে বিহুনাচ । তাৰোপৰি, কেইবাটাও বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM press meet at Janta Bhwan Dispur) ৷

Bihu dance for World record
হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
author img

By

Published : Apr 12, 2023, 9:44 PM IST

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 12 এপ্ৰিল : গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে 13 এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে একেলগে প্ৰদৰ্শন কৰিব বিহুনাচ । সৰুসজাইৰ 14 এপ্ৰিলৰ মূল অনুষ্ঠানত গীনিজ বুকৰ প্ৰমাণ পত্ৰ লাভৰ বাবে এদিন পূৰ্বে গীনিজ ৰেকৰ্ডৰ বাবে বিহুৱা-বিহুৱতীসকলে বিহুনাচ প্ৰদৰ্শন কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে উল্লেখ কৰে ৷ উল্লেখ্য যে আজি বিয়লি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam cabinet at Janta Bhawan) ।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত সদৰি কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে, ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মূল অনুষ্ঠানটো অনুষ্ঠিত হ'ব । যিটো অনুষ্ঠানৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সেই অনুষ্ঠানত যাতে গীনিজ বুকৰ প্ৰমাণ পত্ৰখন লাভ কৰিব পৰা যায় তাৰ বাবে এদিন পূৰ্বে বিহুনাচৰ অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় (CM Himanta Biswa Sarma on Bihu)।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, গীনিজ ৰেকৰ্ডৰ বাবে 13 এপ্ৰিলৰ বিয়লি 5.30 বজাৰ পৰা 6.30 বজালৈ 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিব বিহুনাচ । মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসী ৰাইজক 13 এপ্ৰিলৰ অভিলেখ সৃষ্টিৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে আহ্বান জনায় ইয়াৰ বাবে কোনো ধৰণৰ প্ৰৱেশ পত্ৰৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে (Bihu dance for World record) ।

কেৱল 14 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী মোডী উপস্থিত থকা দিনা প্ৰৱেশ পত্ৰৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে 13 এপ্ৰিলৰ দিনা বিহুনাচৰ লগতে ঢোল বাদনৰ বাবেও গীনিজ ৰেকৰ্ড কৰা হ'ব বুলি জানিবলৈ দিয়ে । একেলগে তিনি হাজাৰ ঢুলীয়াই ঢোল বাদনত অংশগ্ৰহণ কৰিব । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিহুনাচৰ বিশাল অনুষ্ঠানটোত অংশ লোৱা 11 হাজাৰৰো অধিক বিহুৱা-বিহুৱতীক অসম চৰকাৰৰ তৰফৰ পৰা 25 হাজাৰকৈ টকাৰ বৰঙণি আগবঢ়োৱা হ'ব । এই বৰঙনি মাষ্টাৰ ট্ৰেইনাৰ সকলৰ লগতে ৰিজাৰ্ভত থাকি যোৱা 400 মান বিহুৱা-বিহুৱতীকো প্ৰদান কৰা হ'ব (Press meet on World Records through Bihu) ।

অংশগ্ৰহণকাৰী সকলোকে প্ৰমাণ পত্ৰৰ লগতে মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত প্ৰশংসা পত্ৰ দিয়া হ'ব । আনহাতে প্ৰধানমন্ত্ৰীৰ 14 এপ্ৰিলৰ ভ্ৰমণসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিহুনাচৰ বিশাল অনুষ্ঠানটোৰ সাক্ষী হোৱাৰ উপৰি প্ৰধানমন্ত্ৰীয়ে 14 হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । উত্তৰ-পূব সীমান্তৰ 7000 কোটি টকা ব্যয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ ভিতৰত আছে ডিগাৰু-লামডিং দ্বৈত ৰেলপথ, গৌৰীপুৰ-অভয়াপুৰী নতুন ৰেলপথ, নিউ বঙাইগাঁও-ধূপধৰা দ্বৈত ৰেলপথ, জলফাইগুৰি-গুৱাহাটী সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণ আৰু শিলঘাট-মৈৰাবাৰী ৰেলপথ মুকলি (PM Modi will be in bihu world record show) ।

14 এপ্ৰিলৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । বহাগ বিহু উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 30 ব’হাগৰ পিছত আৰু বিহু উদযাপন কৰিব নোৱাৰিব । ব’হাগৰ পাছত সাংস্কৃতিক অনুষ্ঠান পাতিব পাৰিব যদিও বিহুৰ নামত পাতিব নোৱাৰিব । বহাগ বিহু বহাগ মাহতে সমাপ্ত কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । বিহুৰ সন্মানত আপোচ কৰা নহ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

নতুন প্ৰজন্মই যাতে বিহুৰ স্বকীয় পৰম্পৰাৰ বিষয়ে জানিব পাৰে তাৰ বাবে অহা বছৰৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰতিখন জিলাতে সাত বিহু পৰম্পৰাগতভাৱে উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ বুধবাৰে গুৱাহাটী জনতা ভৱনত আয়োজন কৰা সংবাদমেলখনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক : Assam government is in debt : অসম চৰকাৰে ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ল'বলগীয়া হৈছে ঋণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.