গুৱাহাটী, ১৪ জুন: অম্বুবাচী মেলাৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ গুৱাহাটীৰ বিদ্য়ালয়সমূহক নিৰ্দেশ দিয়াৰ পাছত এইবাৰ ৩১ খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচী মেলাৰ কামত ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশত শিক্ষা বিভাগে জাননী জাৰি কৰিছে । শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিবলৈ ওলোৱা এই কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটীয়ে তীব্ৰ বিৰোধিতা কৰিছে । ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটীয়ে শিক্ষকৰ লগতে চৰকাৰক এই কামৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছে ।
এই সন্দৰ্ভত সংগঠনটোৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয় যে অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ'ব । এই মেলা উপলক্ষে চৰকাৰৰ নিৰ্দেশত ২১ জুনৰ পৰা ২৭ জুনৰ ভিতৰত বিদ্যালয়ৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ (মহানগৰ) স্কুল পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰিছিল । এই সন্দৰ্ভত ইমানতে ক্ষান্ত নাথাকি মঙলবাৰে পুনৰ ৩১ খন বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰিছে য'ত উল্লেখ কৰা হৈছে যে প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৫ জন আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩ জনকৈ শিক্ষকে অম্বুবাচী মেলাৰ দায়িত্ব পালন কৰিব লাগিব ।
ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰু শ্ৰেণী বন্ধ কৰি কোনো দায়িত্বশীল চৰকাৰে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ নকৰে । কিন্তু কথাই প্ৰতি দায়িত্বশীল শাসকৰ পৰিচয় দিব বিচৰা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰি চৰম দায়িত্বহীনতাৰ পৰিচয় দিব ওলাইছে বুলি তেওঁ উল্লেখ কৰি কয় যে এয়া অতি নিন্দনীয় । চৰকাৰক এই কামৰ পৰা আঁতৰি থাকিবলৈ ডি ৱাই এফ আইৰ নেতাগৰাকীয়ে আহ্বান জনায় । লগতে চৰকাৰে যি মন যায় তাকেই কৰিব এনে মনোবৃত্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ডি ৱাই এফ আইয়ে শিক্ষক সমাজ তথা সচেতন ৰাইজক আহ্বান জনাযইছে ।
লগতে পঢ়ক:CM Program: পশুখণ্ডলৈ বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ, আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি