গুৱাহাটী, 23 ছেপ্টেম্বৰঃ শক্তিপীঠ কামাখ্যাত সোমবাৰৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পৰম্পৰাগত দুৰ্গোৎসৱ । শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে মা কামাখ্যা ধামত এতিয়া উদুলি মুদুলি পৰিৱেশ ৷ পৰম্পৰা অনুসৰি, কৃষ্ণ পক্ষৰ নৱমীৰ পৰা শুক্ল পক্ষৰ দশমীলৈকে মা কামাখ্যা ধামত অনুষ্ঠিত হয় দুৰ্গা পূজা । সেই অনুসৰি সোমবাৰে পুৱা নিত্য পূজাৰ পাচতে আৰম্ভ হয় দুৰ্গোৎসৱ ।
ইফালে অহা 28 ছেপ্টেম্বৰৰ পৰা নিয়ম অনুসৰি অনুষ্ঠিত হ'ব নৱৰাত্ৰি ৷ নৱৰাত্ৰি সময়ছোৱাত প্ৰতিপদৰ পৰা নৱমীলৈ বিশেষভাৱে কুমাৰী পূজা পালন কৰা হয় ৷ এই পূজাত মুঠ 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব ৷ ইয়োৰোপৰি প্ৰতিবছৰৰ দৰেই এই বছৰো কামাখ্যা ধামত চাৰিটাকৈ মহ বলি দিব বুলি জানিব পৰা গৈছে ৷