ETV Bharat / state

Puja preparation in Guwahati: মায়া সভ্যতাৰ আৰ্হিত বিষ্ণুপুৰৰ পূজা মণ্ডপ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:45 PM IST

ৰাজ্যৰ চৌদিশে চলিছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি । সাজু হৈছে পূজা সমিতিসমূহ । প্ৰায় ৩০ লাখ টকাৰ বাজেটেৰে দুৰ্গা পূজালৈ সাজু বিষ্ণুপুৰ পূজা সমিতি । মায়া সভ্যতাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বৰ্ষৰ বিষ্ণুপুৰৰ পূজা মণ্ডপ ।

Durga Puja Preparation at Brishnupur
মায়া সভ্যতাৰ আৰ্হিত বিষ্ণুপুৰৰ পূজা মণ্ডপ

গুৱাহাটী,১০ অক্টোবৰ: ধৰাৰ বুকুলৈ শৰৎ নামিছে । নৈৰ পাৰৰ কঁহুৱাৰ নাচোনে, তল সৰা শেৱালিৰ সুবাসে ধৰাৰ বুকুলৈ কঢ়িয়াই আনিছে শাৰদীয় উৎসৱৰ বতৰা । শৰতৰ আগমনত উন্মনা সকলোৰে মন । শৰতে আনিলে শাৰদীয় দুৰ্গোৎসৱৰ বতৰা । দুৰ্গতিনাশিনীক আদৰিবলৈ ৰাজ্যত তুংগত উঠিছে প্ৰস্তুতি । ব্যস্ততা বাঢ়িছে পূজা সমিতি সমূহৰো । চৰকাৰে বান্ধি দিয়া গাইডলাইনেৰে পূজা অনুষ্ঠিত কৰিবলৈ সাজু পূজা সমিতিসমূহ ।

ভিন্ন চমক আৰু ভিন্ন আৰ্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰাত ব্যস্ত কাৰিকৰসকল । কোনোবাখনত যদি থলুৱা কাৰিকৰ, কোনোবাখনত আকৌ বহিঃৰাজ্যৰ কাৰিকৰে সাজিছে পূজা মণ্ডপ । মুঠৰ ওপৰত পূজা সমিতিসমূহৰ মাজত যেন চলিছে এখনি অঘোষিত প্ৰতিযোগিতা । প্ৰায় ৩০ লাখ টকাৰ বাজেটেৰে মায়া সভ্যতাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বৰ্ষৰ মহানগৰীৰ বিষ্ণুপুৰ পূজা সমিতিৰ পূজা মণ্ডপ । ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰৰ তত্বাৱধানত বিষ্ণুপুৰত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডৱৰ লগতেই প্ৰতিমা ।

পূজা মণ্ডপৰ সন্দৰ্ভত মন্তব্য কৰি শিল্পী দ্বীপ আহমেদে কয় যে মায়া সভ্যতা ৫ হাজাৰ বছৰ পুৰণি সভ্যতা । তেওঁলোকৰ কলাসমূহ বহু আগশাৰী আছিল । ইয়াত মায়াৰ ত্ৰিকাল মন্দিৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ জীৱন শৈলী, সাজ-সজ্জাকে আৰম্ভ কৰি তেওঁলোকৰ চিত্ৰসমূহ থিম হিচাবে হৈ পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে । লগতে পূজা মণ্ডপটো আকৰ্ষিত কৰি তুলিবলৈ তাত প্ৰকৃত পানী আৰু জুই ব্যৱহাৰ কৰা হ'ব ।

লগতে পূজা মণ্ডপৰ ভিতৰত থাকিব সেই সময়ৰ মায়া সভ্যতাৰ লোকসকলে যিসকল ভগৱানক আৰাধনা কৰিছিল সেই সকলৰ মূৰ্ত্তিসমূহ । এতিয়া এনেদৰে প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনাৰ মাজেৰে দুৰ্গা পূজালৈ সাজু হৈছে বিষ্ণুপুৰ পূজা সমিতিৰ লগতে মহানগৰীৰ পূজা সমিতিসমূহ ।

লগতে পঢ়ক: Durga puja preparation 2023 : হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনস্থলী ঐতিহাসিক জ্ঞানদায়িনী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্ততি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.