ETV Bharat / state

শাৰদীয় দুৰ্গোৎসৱৰ ধামখুমীয়া : ঢাক-ঢোলৰ ধ্বনিত মুখৰিত ৰাজ্যৰ আকাশ-বতাহ - durga pooja celebration in assam

আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছে শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা ৷ অসুৰ বিনাশি সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছে ভক্তসকল ৷

ৰাজ্যজুৰি দুৰ্গা পূজাৰ উচাহ
author img

By

Published : Oct 5, 2019, 7:40 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছে শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা ৷ অসুৰ বিনাশি সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছে ভক্তসকল ৷ শেৱালী সুবাস সনা শৰতৰ এই বতৰত ৰাজ্য জুৰি পৰিলক্ষিত হৈছে দুৰ্গা পূজাৰ পাৰ ভঙা উচাহ ৷ আকাশে-বতাহে গুঞ্জৰিত হৈছে ঢাক-ঢোল, দবা-শংখ আৰু উৰুলিৰ মংগল ধ্বনি ৷ ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ সুন্দৰ ভাৱে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি সজায় পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷

ৰাজ্যজুৰি দুৰ্গা পূজাৰ উচাহ

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছে শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা ৷ অসুৰ বিনাশি সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছে ভক্তসকল ৷ শেৱালী সুবাস সনা শৰতৰ এই বতৰত ৰাজ্য জুৰি পৰিলক্ষিত হৈছে দুৰ্গা পূজাৰ পাৰ ভঙা উচাহ ৷ আকাশে-বতাহে গুঞ্জৰিত হৈছে ঢাক-ঢোল, দবা-শংখ আৰু উৰুলিৰ মংগল ধ্বনি ৷ ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ সুন্দৰ ভাৱে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি সজায় পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷

Intro:মেৰকুছি দুৰ্গা পূজাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া.Body:এই বাৰৰ দুৰ্গা পুজাত মানৱ ৰূপী দুৰ্গা, মহিসাসুৰ, আৰু পুতুনাৰ আবিৰ্ভাৱ # সাংসদ নৱ কুমাৰ শৰনীয়াই দুৰ্গা ৰূপী মন্ত্ৰী প্ৰমিলাক উভতি ধৰিলে পুতুনা বুলি # ইউ পি ৰি - এৱছুই বিচাৰিলে বিটিচি চীফ দিয়াৰ কাৰনে প্ৰস্তুত সাংসদ শৰনীয়াই # যি কোনো মুল্যৰ বিনিময়ত এইবাৰ বি টি চি দখল কৰিৱ সাংসদ শৰনীয়াই #

বৰমা, ৫ অক্টোবৰঃ
মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই নিজকে দুৰ্গাৰ লগত তুলনা কৰি মহিসাসুৰ ৰূপী সাংসদ নৱ কুমাৰ শৰনীয়াক ৰাজনৈতিক ভাবে বধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগে লগে জাঙুৰ খাই উঠিছে সাংসদ শৰনীয়া ৷ বাক্সা জিলাৰ মেৰকুছিত শুক্ৰবাৰে নিশা ২১ সংখ্যক মেৰকুছি শ্ৰী শ্ৰী দুৰ্গা পুজা উদ্ধোধন কৰি উভতি ধৰিলে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মক ৷
সংবাদ মাধ্যম যোগে মন্ত্ৰী প্ৰমিলা ৰানীয়ে নিজকে দুৰ্গাৰ লগত তুলনা কৰি সাংসদ শৰনীয়াক মহিসাসুৰ সজাই ৰাজনৈতিক ভাবে বধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগে লগে সাংসদ শৰনীয়াই মেৰকুছি দুৰ্গা পুজা উদ্ধোধন কৰি মন্ত্ৰী প্ৰমিলা ৰানীক পুতুনা বুলি তাৎসিল্ল কৰে ৷ তেও মন্ত্ৰী প্ৰমিলা ৰানীক অসতী বুলি কৈ প্ৰমিলা ৰানীয়ে যি কোনো ফাল্টু কথা কলেও এইবাৰ হাগ্ৰামাক বচাব নোৱাৰে বুলি দৃঢ়তাৰে কয় ৷ আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত বি পি এফ দল গাদিচ্যুত হব বুলি মন্তব্য কৰি প্ৰমিলা ৰানী এণ্ড কোম্পেনীয় পাগলৰ নিচিনা আবুল তাবুল বলকিবলৈ আৰম্ভ কৰা বুলিও কয় ৷
ইফালে বি টি এ ডিত বড়ো - অবড়োৰ মাজৰ ৰাজনৈতিক সংঘাট আতৰাই শান্তি পূৰ্ণ সমাধান বিচাৰে বুলি কয় সাংসদ শৰনীয়াই ৷ পিপুল জইন্ট একচন কমিতি ফৰ বডোলেণ্ড মুভমেন্ট ( PJACBM) ৰ সভাপতি জেব্ৰাৰাম মুছাহাৰী বা এন ডি এফ বি নেতা ধীৰেন বড়োই লগ লাগি যি বাধা আৰোপ নকৰিলেও তেওলোকক ৰাজনৈতিক ভাবে নিশেষ কৰাৰ কাৰনে প্ৰস্তুত বুলি মন্তব্য কৰে সাংসদ শৰনীয়াই ৷ তেও লগতে বি টি এ ডি সেনা গঠন কৰি বি টি এ ডিত অশান্তি সৃষ্টি কৰাৰ মানসিকতা নাই বুলি মন্তব্য কৰি বি টি এ ডিত যি কোনো মুল্যৰ বিনিময়তে শান্তি প্ৰতিষ্ঠা কৰিব বুলি প্ৰকাশ কৰে ৷ আনকি অবড়ো সকলৰ লগত যদি ইউ পি পিৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম বা এৱছু সভাপতি প্ৰমোদ বডো লগ হৈ বি টি চি নিৰ্বাচনত অবতীৰ্ন হব বিচাৰে তেতিয়া হলে তেও লোকৰ যিয়ে বি টি চী চীফ হব বিচাৰে তেওকে সেই দায়িত্ব সাংসদ শৰনীয়াই দিব বুলি স্পষ্ট মন্তব্য কৰে ৷
শেষত বি টি এ ডিত বহু অবৈধ অস্ত্ৰ থকাৰ কথা উল্লেখ কৰি সাংসদ শৰনীয়াই সেই অস্ত্ৰ সমুহ জব্দ কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক দাবী জনায় ৷
বাইট -- সাংসদ নৱ কুমাৰ শৰনীয়া ৷

বৰমাৰ পৰা দিলীপ বড়ো৷Conclusion:মেৰকুছি দুৰ্গা পূজাত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বক্তব্য
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.