গুৱাহাটী, 6 মাৰ্চঃ মহানগৰীৰ গণেশগুৰিত অপৰাধ অনুসন্ধান শাখাৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ পুৰণি নোট সহ আটক দুজন ব্যক্তি ৷ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৫৬ লাখ টকাৰ নিষিদ্ধ পুৰণি নোট জব্দ কৰে অপৰাধ অনুসন্ধান শাখাৰ দলটোৱে ।
আটকাধীন ব্যক্তি দুজনৰ নাম বিষ্ণু কৰ আৰু চাহজাহান আহমেদ । পুৰণি নিষিদ্ধ ৫০০ আৰু ১০০০ টকীয়া নোট উদ্ধাৰ হৈছিল দুয়োজন আটকাধীন ব্যক্তিৰ পৰা ।