গুৱাহাটী, 9 ডিচেম্বৰ : মহানগৰীৰ জালুকবাৰীত বুধবাৰৰ মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Dumper accident at Jalukbari) । আদাবাৰীৰ পৰা উত্তৰ গুৱাহাটীৰ দিশে তীব্ৰবেগত গৈ থকা এখন মাটি ভৰ্তি ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ হৈছে AS 01 NC 1457 ।
এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ডাম্পাৰখনৰ চালক-হেণ্ডিমেন । আহত চালক-হেণ্ডিমেন দুগৰাকীৰ নাম ক্ৰমে সৌৰভ নাথ আৰু সুমিত দাস । পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ ঘটনাস্থলীত জালুকবাৰীৰ যান-বাহন আৰক্ষী উপস্থিত হৈ আহত দুয়োজন ব্যক্তিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, নিশা হ'লেই নিতৌ মহানগৰীত চলে ডাম্পাৰৰ দৌৰাত্ম্য । যাৰ ফলত প্ৰায়ে সংঘটিত হয় এনেধৰণৰ দুৰ্ঘটনা । এনে ট্ৰাক-ডাম্পাৰৰ চালকক নাকী লগাবলৈ প্ৰশাসনক দাবী জনাইছে মহানগৰীৰ সচেতন ৰাইজে ৷
লগতে পঢ়ক : Cause of Road Accident : মহানগৰীত সংঘটিত পথ দুৰ্ঘটনাৰ কাৰণ অনুসন্ধানৰ নিৰ্দেশ