ETV Bharat / state

কংগ্ৰেছ এতিয়া বহুধা বিভক্ত: দুলু আহমেদ

author img

By

Published : Dec 27, 2020, 9:55 PM IST

কংগ্ৰেছ এতিয়া বহুধা বিভক্ত । নেতৃত্বহীনতাত ভূগিছে প্ৰদেশ কংগ্ৰেছে । এনে স্থিতিত থাকিলে 2021 ৰ নিৰ্বাচনত ধৰাশায়ী হ’ব দলটো - এই মন্তব্য দলৰ পৰা প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ ৷

dulu ahmed is going to join AJP guwahati assam etv bharat news
দুলু আহমেদৰ সংবাদমেল সম্বোধন

গুৱাহাটী,27 ডিচেম্বৰ: প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে আনুষ্ঠানিকভাৱে যোগদান কৰিব নৱগঠিত দল অসম জাতীয় পৰিষদত । কংগ্ৰেছৰ বেয়া দিন চলি থকাৰ বুলি উল্লেখ কৰি ৰাষ্ট্ৰীয় দলটোৰ প্ৰতি মোহভংগ ঘটি আঞ্চলিক শিবিৰলৈ ঢাপলি মেলিছে দুলু আহমেদে । এসময়ত কংগ্ৰেছত থাকি ৰাজনৈতিক জীৱন যাপন কৰা দুলু আহমেদে সম্প্ৰতি ঢাপলি মেলে আঞ্চলিক দললৈ ৷

কংগ্ৰেছ এতিয়া বহুধা বিভক্ত: দুলু আহমেদ

আহমেদে উল্লেখ কৰা অনুসৰি, কংগ্ৰেছ এতিয়া বহুধা বিভক্ত । নেতৃত্বহীনতাত ভূগিছে প্ৰদেশ কংগ্ৰেছ । এনে স্থিতিত থাকিলে 2021 ৰ নিৰ্বাচনত ধৰাশায়ী হ’ব দলটো । তদুপৰি দলটোৰ যি কেইগৰাকী বিধায়কে নিৰ্বাচনত জিকিব সেই কেইগৰাকীয়ে অৱশেষত বিজেপি দলত যোগদান দিয়াৰ সম্ভাৱনাই অধিক । দেওবাৰে মহানগৰীৰ হোটেল প্লাজা ইনত আয়োজন কৰা সংবাদমেলত এইদৰে একালৰ ৰাজনৈতিক গুৰুসকলৰ বিৰূদ্ধে সৰৱ হোৱা দেখা যায় দলৰ পৰা বহিষ্কৃত কংগ্ৰেছ নেতা দুলু আহমেদক ।

কংগ্ৰেছ এতিয়া বহুধা বিভক্ত: দুলু আহমেদ

আঞ্চলিকতাবাদৰ বসন পৰিধান কৰিবলৈ আগ্ৰহী হৈ পৰিছে দুলু আহমেদ । সংবাদমেলত এই কথা ঘোষণা কৰে আহমেদে । সেই অনুসৰি 3 জানুৱাৰীত একাংশ সতীৰ্থৰ সৈতে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদত যোগদান কৰিব দুলু আহমেদে । আহমেদৰ লক্ষ্য ’21 ৰ বিধানসভা নিৰ্বাচন । দেওবাৰৰ সংবাদমেলত যেন সেয়াই উন্মোচিত হ’ল আহমেদৰ মন্তব্যত ৷

আহমেদৰ মতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগত এই সন্দৰ্ভত ভিতৰুৱা আলোচনাও হৈছে । অৱশ্যে এজেপিলৈ আহিলে সভাপতি গগৈয়ে যি দায়িত্ব দিয়ে সেয়া সন্মান সহকাৰে মূৰ পাতি ল'ব আহমেদে ৷ সদ্য বিদায়ী কংগ্ৰেছ নেতা দুলু আহমেদে পৰৱৰ্তী সময়ত এজেপি দলৰ হৈ কেনেদৰে কাম কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷

লগতে চাওকঃ দীৰ্ঘ দিনীয়া সপোন পূৰণ হ'ল গৌৰীপুৰবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.