ETV Bharat / state

স্ব-গৃহলৈ দুলাল পালৰ মৃতদেহ

author img

By

Published : Oct 22, 2019, 7:20 PM IST

স্ব-গৃহলৈ প্ৰেৰণ কৰা হ'ল দুলাল পালৰ মৃতদেহ ৷ শোকস্তব্ধ পৰিয়ালক সান্তনা দিবলৈ মৃতদেহটোৰ লগতে ৰাওনা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাশী কাশ্যপৰ নেতৃত্বত আৰক্ষীৰ এটা দল,গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে চমজি লয় মৃতদেহটো ৷

দুলাল পালৰ মৃতদেহ

গুৱাহাটী, 22 অক্টোবৰঃ অৱশেষত মঙলবাৰে স্ব-গৃহলৈ প্ৰেৰণ কৰা হ'ল দুলাল পালৰ মৃতদেহ ৷ ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাশী কাশ্যপৰ নেতৃত্বত আৰক্ষীৰ এটা দল,গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে চমজি লয় মৃতদেহটো ৷ মৃতদেহটো চমজি লোৱাৰ সময়ছোৱাত উপস্থিত থাকে বিজেপি বিধায়ক শিলাদিত্য দেৱ আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে ৷ মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পাচতেই দুলাল চন্দ্ৰ পালৰ মৃতদেহ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷

Dulal Paul deadbody sent to their family
দুলাল পাল

উল্লেখ্য যে,প্ৰায় দুই বছৰ তেজপুৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা দুলাল পাল দীৰ্ঘদিনৰ পৰাই মুধমেহ ৰোগত আক্ৰান্ত হৈ আছিল ৷ চিকিৎসাৰ বাবে দুলাল পালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ যদিও 13 অক্টোবৰ দেওবাৰে পুৱা প্ৰায় 9 বাজি 30 মিনিটত মৃত্যুক আঁকোৱালি লয় দুলাল চন্দ্ৰ পালে ৷ দুলাল চন্দ্ৰ পালৰ মৃত্যুৰ পাচতেই তেখেতৰ মৃতদেহ চমজি লোৱাত অমান্তি হয় পৰিয়ালৰ লোক ৷ পৰিয়ালৰ লোকৰ দাবী যেতিয়ালৈকে দুলাল পালক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা নহয়,তেতিয়ালৈকে চমজি লোৱা নহয় মৃতদেহ ৷ ইপিনে,দুলাল চন্দ্ৰ পালৰ মৃত্যুক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছিল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনকে ধৰি আন কেইবাটাও দল সংগঠন ৷ মৃতদেহটোক চমজি লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অনুৰোধ জনাই পৰিয়ালবৰ্গক ৷

স্ব-গৃহলৈ দুলাল পালৰ মৃতদেহ

দুলাল চন্দ্ৰ পালৰ ঘটনা সন্দৰ্ভত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দুলাল চন্দ্ৰ পালৰ ন্যায়িক মৰ্যদাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ আগন্তুক তিনি মাহৰ ভিতৰত সকলোবোৰ দাবী কাৰ্যকৰী কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ পাচতেই মঙলবাৰে দুলাল চন্দ্ৰ পালৰ মৃতদেহ নিজ বাসগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় ৷ শোকস্তব্ধ পৰিয়ালক সান্তনা দিবলৈ মৃতদেহটোৰ লগতে ৰাওনা হয় বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ ৷

Intro:দুলাল চন্দ্ৰ পালৰ মৃতদেহ দহ নিনৰ পাছত জি এম চি এইছৰ মৰ্গ পৰা লৈ যোৱা হল স্বগৃহলৈ

Body:দুলাল চন্দ্ৰ পালৰ মৃতদেহ স্বগৃহলৈ নিলে প্ৰশাসনৰ লোকে। উল্লেখযোগ্য যে চিকিৎসাধীন অৱস্থাতে জি এম চি এইছত ১৩ অক্টোবৰতে মধুমেহ ৰোগত ভুগি মৃত্যু হৈছিল তেজপুৰ দিতেনশ্যন কেম্পৰ কয়দী দুলাল চন্দ্ৰ পালৰ। ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক ২০১৭ চনৰ ১১ অক্টোবৰত বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ দিতেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি থকা দুলাল চন্দ্ৰ পালক ২৮ ছেপ্টেম্বৰত জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু ঘটাত ১৩ অক্টোবৰত ৯.৩০ বজাত পৰিয়ালক খবৰ দিছিল যদিও পৰিয়ালৰ লোকে দুলাল চন্দ্ৰ পালক ভাৰতীয় বুলি ঘোষণা নকৰালৈকে মৃতদেহটো চমজি নলওঁ বুলি দাবী জনাইছিল।

পাছত মৃতদেহটো পৰিয়ালক চমজাই দিয়াৰ বাবে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে মুখ্যমন্ত্ৰীৰ সৈতে এক উচ্চ স্তৰীয় বৈঠকত মিলিত হয় । বৈঠকত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে দুলাল চন্দ্ৰ পালৰ পৰিয়ালক ন্যায়িক মৰ্যাদা প্ৰদান কৰিব ।

অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে কয় যে ১০৩৬ জন লোক আজিও দিতেনশ্যন কেম্পত আছে। এইসকল লোকৰ বাবে এখন স্পেচিয়েল ৰিভিউ কমিটিৰ ডিমাণ্ড কৰাৰ বাবে দাবী জনায় মুখ্যমন্ত্ৰীক আৰু এই দাবীসমূহ মানি লৈ ৩ মাহৰ ভিতৰত পূৰণ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পাছতে ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়া হৈব্যকাশী কাশ্যপৰ নেতৃত্বত ঢেকীয়াজুলি আৰক্ষীৰ এটা দলে স্থানীয় গাওঁবুঢ়া ৰবীন্দ্ৰ দাস আৰু গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদকে মৃতদেহ চমজি লয়। এই সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক শিলাদিত্য দেৱ উপস্থিত থাকে। জি এম চি এইছৰ মৰ্গ পৰা পোনে পোনে মৃতদেহটো ঢেকীয়াজুলি আলিচিঙালৈ লৈ যায় আৰু লগত ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক শিলাদিত্য দেবো শোকস্তব্ধ পৰিয়ালটোক সান্তনা দিবলৈ ৰাওনা হয়।

Bite Assames And Hindi

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.