ETV Bharat / state

Reaction of Ellora Vigyan Mancha: শনিৰ পৰা পৰিত্ৰাণ বিচাৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাম-প্ৰসংগ - VC of Dibrugarh University

শনিগ্ৰহৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যলয়ত উপাচাৰ্যৰ পূজা-পাতল (Dibrugarh University news)। বিশ্ববিদ্যলয়ৰ উপাচাৰ্যৰ এই কাণ্ডক গৰিহণা দিছে ইলোৰা বিজ্ঞান মঞ্চই ।

Ellora Vigyan Mancha react on Superstition
ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিক্ৰিয়া
author img

By

Published : May 25, 2023, 6:11 AM IST

গুৱাহাটী, ২৫ মে': অসমৰ উচ্চশিক্ষাৰ এক অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জল ঐতিহ্য ম্লান কৰি বিশ্ববিদ্যালয়ত অন্ধবিশ্বাসৰ বীজ সিঁচিছে উপাচাৰ্য ড৹ জিতেন হাজৰিকাৰ লগতে একাংশ শিক্ষক-বিষয়াই (Superstition in Dibrugarh University) ৷ শিক্ষানুষ্ঠানখনক অপায়-অমংগলৰ পৰা উদ্ধাৰ কৰাৰ নামত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত পূজা-পাতল তথা নাম-প্ৰসংগৰ আয়োজন কৰা হয় ৷ অসমৰ অন্যতম বিজ্ঞানমনস্ক অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চ এই কাৰ্যত বিস্মিত হৈ অশুভ প্ৰৱণতা তথা অন্ধবিশ্বাসক গৰিহণা দিছে (Ellora Vigyan Mancha react on Superstition)।

এই সন্দৰ্ভত বিজ্ঞান মঞ্চই এক বিবৃতিত উল্লেখ কৰে যে, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বিশ্ববিদ্যালয়খনে শনিগ্ৰহৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেই উপাচাৰ্য তথা একাংশ বিষয়াৰ উদ্যোগত যোৱা ২০ মে'ত নাম-প্ৰসংগৰ আয়োজন কৰে (Ellora Vigyan Mancha react on DU VC)। উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত শেহতীয়া ৰেগিং কাণ্ড আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাত ৰাজ্যৰ সচেতন জনসাধাৰণ আজিও উদ্বিগ্ন আৰু ক্ষোভিত হৈ আছে ।

স্বাভাৱিক পৰিৱেশত অসমৰ সাংস্কৃতিক জীৱনৰ আপুৰুগীয়া সম্পদ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ নাম প্ৰসংগৰ আয়োজন কৰাত আপত্তি থাকিব নোৱাৰে । কিন্তু আধুনিক বিজ্ঞানৰ যুগত এখন উচ্চ শিক্ষানুষ্ঠানক শনি দশাৰ পৰা মুক্তি লাভৰ বাবে জ্যোতিষৰ গণনা তথা বিধান আৰু নাম-প্ৰসংগৰ আয়োজন কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে (VC of Dibrugarh University)। এনে কাণ্ডৰ জৰিয়তে সম্প্ৰতি শিক্ষানুষ্ঠানতো অন্ধবিশ্বাসৰ বেহা মেলা হৈছে বুলি মন্তব্য কৰে ইলোৰা বিজ্ঞান মঞ্চই ।

ইলোৰা বিজ্ঞান মঞ্চই পুনৰ উল্লেখ কৰে যে, কেৱল সেয়ে নহয়, এনে গৰ্হিত আৰু অশুভ কামৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু সহযোগীসকলে শৈক্ষিক সম্প্ৰদায় আৰু বিদ্বৎ সমাজৰ মাজতো অন্ধবিশ্বাস বিয়পোৱাৰ চেষ্টা কৰি আধুনিক চিন্তা, বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাক ভেঙুচালি কৰিছে ৷ লগতে, ভাৰতীয় নাগৰিকৰ কৰ্তব্য সন্দৰ্ভত সংবিধানৰ ৫১(এ)এইছ ধাৰাত সন্নিৱিষ্ট কৰ্তব্য দেখদেখকৈ উলংঘন কৰিছে । লগতে বিনষ্ট কৰিছে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ দীৰ্ঘদিনৰ সুনাম । তদুপৰি এই শিক্ষানুষ্ঠানখনৰ জ্ঞানান্বেষী ছাত্ৰসমাজ আৰু বিজ্ঞানমনস্ক শিক্ষক সমাজকো ক্ষুন্ন কৰিছে বুলি মঞ্চই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইলোৰা বিজ্ঞান মঞ্চই পুনৰ কয় যে, উপাচাৰ্য গৰাকীয়ে নিজা বাসগৃহৰ ভিতৰত থাকি আৰু জপ-তপ-মন্ত্ৰ মাতি পূজা-অৰ্চনা কৰা, জ্যোতিষৰ গণনা কৰি 'ৰাহু-কেতু-গ্ৰহ দোষৰ' পৰা মুক্তি বিচৰাটো তেওঁৰ ব্যক্তিগত অধিকাৰ । যি কোনো লোকৰ ব্যক্তিগত বিশ্বাস-অবিশ্বাসত কোনেও হস্তক্ষেপ নকৰে । কিন্তু ৰাজহুৱা স্থানত, বিশেষকৈ শিক্ষানুষ্ঠান তথা জ্ঞান-বিজ্ঞানৰ উচ্চতম কেন্দ্ৰ বিশ্ববিদ্যালয় এখনত এনে ধৰণৰ অন্ধবিশ্বাসৰ আয়োজনক ইলোৰা বিজ্ঞান মঞ্চই এক প্ৰকাৰৰ সামাজিক ব্যাধি তথা অপৰাধ বুলি গণ্য কৰে বুলি বিবৃতিটোত উল্লেখ কৰিছে ।

উপাচাৰ্য তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখনত চলি থকা দুৰ্নীতি আৰু ৰেগিং আদিৰ বিৰুদ্ধে বাস্তৱসন্মত কঠোৰ পদক্ষেপ গ্ৰহণ আৰু সুস্থ শিক্ষাৰ পৰিৱেশ ৰচনা কৰাৰ বাবে উদ্যোগ লোৱাৰ দাবী জনাইছে ইলোৰা বিজ্ঞান মঞ্চই । বিজ্ঞান মঞ্চই তৎকালেই অন্ধবিশ্বাসক সাৰ-পানী যোগোৱা কৰ্মকাণ্ডসমূহ বন্ধ কৰাৰো দাবী জনাইছে ।

লগতে পঢ়ক:HSLC exam results 2023 : দশন স্থানত উজলিল মৰাণৰ ৰিতুৰাজ বৰকটকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.