ছয়গাঁও,25 জুন: ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ধৰা পৰিছে এগৰাকী ড্ৰাগছ মাফিয়া ৷ গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাফিয়াজন গৰৈমাৰীৰ ঘোঁৰামাৰা পথাৰৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক গৌতম সিন্হাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মহানগৰীৰ ৰূপনগৰৰ এটা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে মাফিয়াজনক ৷
ঘটনা সন্দৰ্ভত ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া মহিদুলক গ্ৰেপ্তাৰ কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা অনুসন্ধান অব্যাহত ৰখাৰ কথা ব্যক্ত কৰে ৷ অৱশেষত ড্ৰাগছ মাফিয়াগৰাকীয়ে গুৱাহাটীত আত্মগোপন কৰাৰ তথ্য লাভৰ ভিত্তিত ছয়গাঁও আৰক্ষীৰ এটা দলে গৈ গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে,ছয়গাঁও আৰক্ষীয়ে কিছুদিন পূৰ্বে গৰৈমাৰীৰ পৰা ড্ৰাগছৰ অবৈধ ব্যৱসায়ত জড়িতৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ মাফিয়া গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈ থকা 456/2020 আৰু 556/2020 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ৷
লগতে চাওকঃ বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুৰ আৰ্শীবাদ ল'লে হাগ্ৰামা মহিলাৰীয়ে