ETV Bharat / state

গীতানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ ৫ সৰবৰাহকাৰী - অবৈধ নিচাজাতীয় সামগ্ৰী

DCP Central ৰ Special Operation Group (SOG) আৰু গীতানগৰ আৰক্ষী নেতৃত্বত শনিবাৰে নিশা গুৱাহাটী, কামৰূপ গ্ৰাম্য আৰু দৰং জিলাত যুটীয়াভাৱে অভিযান চলায় । অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

গীতানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ ৫ সৰবৰাহকাৰী

author img

By

Published : Jun 13, 2021, 9:04 PM IST

Updated : Jun 13, 2021, 9:40 PM IST

গুৱাহাটী, ১৩ জুন : ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা গুৱাহাটী আৰক্ষীয়ে দৈনিক বহু পৰিমাণে ড্ৰাগছ(Drugs) জব্দ কৰিবলৈ সক্ষম হৈছে । নৱ প্ৰজন্মৰ বাবে অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে চলাই গৈছে ধাৰাবাহিক অভিযান । DCP Central ৰ Special Operation Group (SOG) আৰু গীতানগৰ আৰক্ষী নেতৃত্বত শনিবাৰে নিশা গুৱাহাটী, কামৰূপ গ্ৰাম্য আৰু দৰং জিলাত যুটীয়াভাৱে অভিযান চলায় । অভিযানকালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ সহ পাঁচ টাকৈ ড্ৰাগছ সৰহবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ সৰহবৰাহকাৰী কেইটা ক্ৰমে, নাৰিকল বস্তীৰ ভাৰ্গৱ গিৰী ওৰফে বাবলু (২৪), গীতানগৰ কাৰ্বি পথৰ মৃগেন বংজাং (২৫), বাইহাটা চাৰিআলিৰ খলিলুল ৰহমান (৩২),আছিক আলী (১৮), মঙলদৈৰ মতিউৰ ৰহমান (২৪) বুলি জানিব পৰা গৈছে ৷

গীতানগৰ আৰক্ষীৰ জালত ড্ৰাগছসহ ৫ সৰহবৰাহকাৰী

উল্লেখ্যযোগ্য যে, গুৱাহাটীৰ জু-ৰোড তিনি আলিৰ ৰূপালী পথত দুজন যুৱকে ড্ৰাগৰ বিক্ৰী কৰি থকা বুলি গীতানগৰ আৰক্ষীয়ে তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিত গীতানগৰ আৰক্ষী আৰু আৰক্ষীৰ বিশেষ দল (SOG) য়ে ৰূপালী পথত ২ নং উপ-পথৰ ১ নং ঘৰত অভিযান চলাই ভাৰ্গব গিৰী আৰু মৃগেন বংজাং নামৰ দুজন যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে । ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিজানকাৰী দলটোৱে পৃথকে পৃথকে কামৰূপৰ বাইহাটা চাৰিআলি আৰু দৰঙৰ মঙলদৈত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ সহ তিনিজন সৰহবৰাহাৰীক গ্ৰেপ্তাৰ কৰে ।

Drugs recover geetanagar

ধৃত সৰহবৰাহকাৰী কেইটা হৈছে খলিলুল ৰহমান ,আছিক আলী, মতিওৰ ৰহমান । ধৃত যুৱক কেইজনৰ কৱলৰ পৰা আৰক্ষীয়ে 50 লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ আৰু নগদ ধন চাৰি লাখ টকাৰ লগতে AS-01-BY-5485 নম্বৰৰ এখন i-20 বাহন জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ঘটনা সন্দৰ্ভত গীতানগৰ থানাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত কেইজনক অধিক তথ্যৰ বাবে মাৰথন জেৰা চলাই আছে ।

মনকৰিবলগীয়া যে, বৃহস্পতিবাৰেও মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰে আনোৱাৰ ওৰফে আনাৰ আলী আৰু ৰাহুল দাস নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী । খবৰ অনুসৰি দীর্ঘদিনৰ পৰা বশিষ্ঠ, পাতৰকুছি, গড়চুক, লখৰা আদিকে ধৰি বহু অঞ্চলত ধৃত দুই সৰবৰাহকাৰীয়ে চলাই আহিছিল ড্রাগছৰ বেহা । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত পুৱতি নিশা বশিষ্ঠৰ হেলিপেডৰ সমীপত ড্ৰাগছৰ বেহাত জড়িত থকাৰ অভিযোগত দুয়োকে বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে । আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা মতে উক্ত অঞ্চলত ভাড়াতীয়া হিচাপে থকা সৰবাৰহকাৰী দুটাৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৫০ টা ড্রাগছভর্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ দৰং জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড সজাগতা কাৰ্যসূচী

Last Updated : Jun 13, 2021, 9:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.