ETV Bharat / state

Rain in Guwahati : অৱশেষত আহিল গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত বৰষুণজাক - Sky of Guwahati remain cloudy to Feb 24

গুৱাহাটীৰ লগতে অসমৰ ভিন্ন প্ৰান্তত মঙলবাৰে পুৱাৰে পৰা বৰষুণ হোৱা দেখা গৈছে (Rain in Guwahati)। ধূলি আৰু বায়ুপ্ৰদূষণে ভয়ংকৰ ৰূপ লোৱা গুৱাহাটীত এজাক বৰষুণৰ যথেষ্ট প্ৰয়োজন আছিল । বৰষুণজাকে গুৱাহাটীবাসীক সামান্য সকাহ দিলে । অৱশ্যে এইবাৰ পূৰ্বতকৈ বৰষুণ যথেষ্ট কম হৈছে ।

Rain in Guwahati
অৱশেষত আহিল গুৱাহাটীবাসীৰ সপোনৰ বৰষুণজাক
author img

By

Published : Feb 21, 2023, 1:33 PM IST

গুৱাহাটী,২১ ফেব্ৰুৱাৰী : ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ সকলোৱে অপেক্ষা কৰি আছিল এজাক বৰষুণৰ বাবে । কিয়নো এজাক বৰষুণ শুকান বতৰ, ধূলি, বায়ুপ্ৰদূষণ আদিৰ পৰা মহানগৰবাসীক সকাহ দিব পাৰে । একপ্ৰকাৰ মহানগৰবাসীৰ বাবে সপোন হৈ পৰিছিল বৰষুণজাক । প্ৰকৃতিয়েও যেন শুনিলে মহানগৰবাসীৰ কথা ।

প্ৰায় ৫ মাহৰ অপেক্ষাৰ অৱসান ঘটাই অৱশেষত আহিল ফাগুনৰ বৰষুণজাক (Rain in Guwahati)। মঙলবাৰে পুৱাৰ পৰাই গোমা হৈ পৰিল গুৱাহাটীৰ আকাশ । ইয়াৰ সমান্তৰালভাৱে মহানগৰীৰ ঠায়ে ঠায়ে কিনকিনীয়া বৰষুণো হোৱা দেখা গ'ল । মেঘে ওন্দোলাই অনা অকাশখনত এজাক দপদপীয়া বৰষুণৰ আয়োজন চলিল । অৱশ্যে এই আয়োজন সোমবাৰৰ পৰাই আৰম্ভ হৈছিল । সোমবাৰৰ বিয়লিৰ পৰাই বতৰটো গোমা হৈ আছিল যদিও বৰষুণজাকহে অহা নাছিল ।

মঙলবাৰে পুৱাই আকাশখনৰ ঠেহ ভাগিল । ধূলিৰ উৰণি ঠেলি পাতলীয়া বৰষুণজাক নামি আহিল ধৰাৰ বুকুলৈ । ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি মহানগৰীৰ লগতে ইয়াৰ উপকন্ঠ এলেকাত মঙলবাৰৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ বতৰ গোমা হৈ থাকিব (Sky of Guwahati remain cloudy to Feb 24)।

এই কেইদিনৰ ভিতৰত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে ২১ আৰু ২২ ফেব্ৰুৱাৰীত ৰাজ্যৰ দুই এঠাইত বিজুলী গাজনিৰে বৰষুণো হ'ব পাৰে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত অহা মাৰ্চৰ মাজ ভাগৰ পৰা বৰষুণ হোৱাৰ সম্ভাৱনা ‌আছে । এইবাৰ পূৰ্বতকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে । জানুৱাৰীত সচৰাচৰ বৰষুণ হয় যদিও এইবাৰ হোৱা নাই (Guwahati likely to receive rain)।

ইফালে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে সদৰি কৰা মতে পহিলা জানুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে ৰাজ্যত ৩১.৭ মিঃমিঃ বৰষুণ হ'ব লাগিছিল যদিও ৭.৮ মিঃমিঃ বৰষুণহে হৈছে । অর্থাৎ স্বাভাৱিকতকৈ ৭৫ শতাংশ কম বৰষুণ হৈছে (Rainfall rate in Assam)।

এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলাত হোৱা বৃষ্টিপাতৰ তথ্য অনুসৰি বাক্সা জিলাত ৯২ শতাংশ, বৰপেটাত ৯৯ শতাংশ, বঙাইগাঁৱত ৮২ শতাংশ, কাছাৰত ৯৭ শতাংশ, চিৰাঙত ৯৩ শতাংশ, ধেমাজিত ৩৬ শতাংশ, ধুবুৰীত ৯৪ শতাংশ, ডিব্ৰুগড়ত ৪৮ শতাংশ, গোলাঘাটত ৯৮ শতাংশ, হাইলাকান্দিত ৯৮ শতাংশ, যোৰহাটত ৬৬ শতাংশ, কাৰ্বি আংলঙত ৯৬ শতাংশ, কৰিমগঞ্জত ৯০ শতাংশ, কোকৰাঝাৰত ৭৮ শতাংশ, লখিমপুৰত ৫৭ শতাংশ বৰষুণ হৈছে ।

একেদৰে ডিমা হাচাওত ৯৯ শতাংশ, নগাঁৱত ৯৭ শতাংশ, নলবাৰীত ৯৩ শতাংশ, শিৱসাগৰত ৫৪ শতাংশ, শোণিতপুৰত ২৮ শতাংশ, তিনিচুকীয়াত ৪৭ শতাংশ, ওদালগুৰিত ৯৭ শতাংশ বৰষুণ হৈছে । তুলনামূলকভাৱে এইবাৰ কম বৰষুণ হৈছে (Less rainfall in Assam)। উদ্বেগজনক কথাটো হ'ল এই সময়ছোৱাত স্বাভাৱিকতকৈ ৮০ শতাংশ কম বৰষুণ হৈছে ৰাজ্যৰ ১৯ খন জিলাত ।

লগতে পঢ়ক :MV Ganga Vilas Cruise: ৰাজধানী চহৰ গুৱাহাটীত উপস্থিত এম ভি গংগা বিলাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.