ETV Bharat / state

পঞ্চভূতত বিলীন ড৹ ৰমেশ চন্দ্ৰ পাঠক - নৱগ্ৰহ শ্মশানত প্ৰয়াত ড৹ পাঠকৰ শেষকৃত্য সম্পন্ন

পঞ্চভূতত বিলীন হ'ল বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক ড৹ ৰমেশ চন্দ্ৰ পাঠক ৷ নৱগ্ৰহ শ্মশানত প্ৰয়াত ড৹ পাঠকৰ শেষকৃত্য সম্পন্ন ৷ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে ভাষাৰ কাণ্ডাৰী গৰাকীক শেষ বিদায় ৷ মঙলবাৰে মহানগৰীৰ লখিমী নগৰত থকা বাসগৃহত ড৹ পাঠকে শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

পঞ্চভূতত বিলীন ড৹ ৰমেশ চন্দ্ৰ পাঠক
পঞ্চভূতত বিলীন ড৹ ৰমেশ চন্দ্ৰ পাঠক
author img

By

Published : Jan 27, 2021, 3:38 PM IST

Updated : Jan 27, 2021, 9:17 PM IST

গুৱাহাটী, 27 জানুৱাৰী: ইহ জগতৰ পৰা বিদায় লৈ বুধবাৰে পঞ্চভূতত বিলীন হ'ল নিজস্ব অৱদানেৰে অসমীয়া ভাষা সাহিত্যৰ জগতখন সমৃদ্ধিশালী কৰি থৈ যোৱা অন্যতম কাণ্ডাৰী ড৹ ৰমেশ চন্দ্ৰ পাঠক ৷ বুধবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট ভাষাবিদ তথা সাহিত্যিক গৰাকীক ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় ৷

মঙলবাৰে মহানগৰীৰ লখিমী নগৰত থকা বাসগৃহত ড৹ পাঠকে শেষ নিশ্বাস ত্যাগ কৰাৰ খবৰ পোৱাৰ পাছতে নিশাৰ ভাগতে বহু গুণমুগ্ধই তেওঁলোকৰ প্ৰিয় সাহিত্যিক গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে প্ৰয়াত ড৹ পাঠকৰ ঘৰত উপস্থিত হয় ৷

নৱগ্ৰহ শ্মশানত প্ৰয়াত ড৹ পাঠকৰ শেষকৃত্য সম্পন্ন

বুধবাৰে পুৱাৰ ভাগতো সাহিত্যিক গৰাকীক তেওঁৰ গুণমুগ্ধ সকলে লখিমী নগৰস্থিত বাসগৃহত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পাছতে প্ৰয়াত ভাষাবিদ গৰাকীৰ নশ্বৰ দেহ অগ্ৰদূত কাকতৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ অগ্ৰদূতৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধা নিবেদন কৰাৰ পাছত তেওঁৰ নশ্বৰ দেহ অসম সাহিত্য সভাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ৷ অসম সাহিত্য সভা কাৰ্যালয়ত শেষ শ্ৰদ্ধা জনোৱাৰ পাছত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কাৰ্যালয়লৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হয় ৷ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱাৰ পাছত বিশিষ্ট সাহিত্যিক গৰাকী চিতাগ্নিত বিলীন হয় ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মঙলবাৰে মহানগৰীৰ লখিমীনগৰস্থিত নিজ বাসগৃহত সাহিত্যিক গৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰিছিল ৷ কেইবাটাও ৰোগত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি ড৹ পাঠক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসা মহাবিদ্যালয়খনৰ পালমনাৰী আৰু কাৰ্ডিঅ'লজি বিভাগৰ চিকিৎসকে তেখেতৰ চিকিৎসা চলাইছিল ৷

Last Updated : Jan 27, 2021, 9:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.