ETV Bharat / state

মাজুলীৰ পিছত এইবাৰ গোৱালপাৰাত ড৹ প্ৰকাশ কাশ্যপ

author img

By

Published : Apr 3, 2021, 9:51 PM IST

সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ দিনৰে পৰাই ড৹ প্ৰকাশ কাশ্যপে পালন কৰি আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে । একালত ৰিলায়েঞ্চ গ্ৰুপৰ শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰা ড৹ কাশ্যপক মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিছিল এই গুৰু দায়িত্ব ।

মাজুলীৰ পিছত এইবাৰ গোৱালপাৰাত ড৹ প্ৰকাশ কাশ্যপ
মাজুলীৰ পিছত এইবাৰ গোৱালপাৰাত ড৹ প্ৰকাশ কাশ্যপ

গুৱাহাটী, ৩ এপ্ৰিলঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি সময়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল, সেই সময়ত তেওঁৰ গৃহ সমষ্টি মাজুলীত প্ৰচাৰৰ সমস্ত দায়িত্ব মুখ্যমন্ত্ৰীয়ে ন্যস্ত কৰিছিল তেওঁৰ অত্যন্ত বিশ্বাসী বুলি পৰিচিত ড৹ প্ৰকাশ কাশ্যপক । সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ দিনাৰে পৰাই ড৹ প্ৰকাশ কাশ্যপে পালন কৰি আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে । একালত ৰিলায়েঞ্চ গ্ৰুপৰ শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰা ড৹ কাশ্যপক মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰিছিল এই গুৰু দায়িত্ব ।

মনকৰিবলগীয়া যে, ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ড৹ কাশ্যপে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ দায়িত্ব ত্যাগ কৰে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজুলীত সোণোৱালৰ হৈ প্ৰচাৰ অভিযানত নামি পৰে । সোণোৱালৰ অনুপস্থিতিত মাজুলীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ সমস্ত পৰিকল্পনা ৰচনা কৰে এইজন প্ৰাক্তন আমোলাই । আমোলাৰ পৰা প্ৰত্যক্ষ ৰাজনীতিত নামি পৰা ড৹ প্ৰকাশ কাশ্যপৰ পৰিকল্পিত আৰু ব্যতিক্ৰমী প্ৰচাৰ অভিযান কেৱল মাজুলীতে সীমাবদ্ধ নাথাকিল ।

শনিবাৰে তেওঁ পশ্চিম গোৱালপাৰা সমষ্টিৰ অগপ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ লয় বৰদামাল অঞ্চলত । বিজেপি মিত্ৰজোঁটৰ হৈ ব্যাপক প্ৰচাৰ চলাই প্ৰাক্তন আমোলাজনে । সম্প্ৰতি কেৱল পশ্চিম গোৱালপাৰাই নহয়, সমগ্ৰ গোৱালপাৰা অঞ্চলতে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে ড৹ প্ৰকাশ কাশ্যপ ।

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.