গুৱাহাটী, 22 এপ্ৰিল: দেশজুৰি অব্যাহত আছে ভয়াৱহ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস ৷ এই ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে বিশ্বৰ মৃত্যু হৈছে 1 লাখ 71 হাজাৰ 791 জনকৈ লোকে ৷ ইয়াৰ মাজতে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে 6 লাখ 59 হাজাৰ 193 জন লোকে ৷ ভয়াৱহ ভাইৰাছ কোভিডত আক্ৰান্ত হৈ জীৱন যুদ্ধত জয়ী হোৱা সকলক বৰ্তমান সময়ৰ সম্পদ বুলি মন্তব্য কৰে বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ৷ কাৰণ তেওঁলোকৰ শৰীৰৰ প্লাজমা হ'ব পাৰে আন আক্ৰান্ত জনৰ বাবে জীৱনদায়িনী মহৌষধ ৷ ই টিভিৰে হোৱা এক সাক্ষাৎকাৰত এই কথা আঙুলিয়াই দি কভিড 19 মুক্ত হোৱা 19 গৰাকী সৌভাগ্যৱানক তেওঁলোকৰ তেজৰ অংশ প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডঃ ইলিয়াছ আলীয়ে ৷
কভিড আক্ৰান্তৰ চিকিৎসাৰ অতি গুৰুত্বপূৰ্ণ দিশ বুলি পৰিণত হোৱা এই কথা আঙুলিয়াই ডঃ আলীয়ে কয় যে,কভিড 19 ত আক্ৰান্ত জনে এই ভাইৰাছৰ লগত যুঁজ দি জয়ী হোৱাৰ পিছত তেওঁলোকৰ শৰীৰত 'এন্টিবডিজ'ৰ সৃষ্টি হয় আৰু পৰৱৰ্তী আক্ৰান্ত জনৰ বাবে সেয়া হৈ পৰে ঔষধ ৷ সুস্থ হৈ উঠা জনৰ পৰা প্লাজমা লৈ অসুস্থ জনৰ শৰীৰত সংস্থাপন কৰিলে সেয়াই এই ভাইৰাছ বিৰূদ্ধে যুঁজ দিবলৈ শক্তি দিয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি আমেৰিকাত এই চিকিৎসা পদ্ধতিয়ে বিশেষ ভাৱে কাম দিছে,পোন্ধৰশ খন চিকিৎসালয়ে এই কাম অতি নিষ্ঠাৰে কৰি সুফল লাভ কৰিছে ৷ দিল্লীৰ মেক্স হাস্পতালত দুগৰাকীকৈ কোভিড আক্ৰান্ত এনেদৰেই সুস্থ হৈ উঠিছে ৷ এই মহান কামত জড়িত হ'বলৈ সুস্থ হৈ উঠা প্ৰতি গৰাকী লোককে আহ্বান জনাইছে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ৷
লগতে পঢ়কঃ জাপানীজ এনকেফেলাইটিছক লৈ সজাগ শিৱসাগৰ জিলা প্ৰশাসন