গুৱাহাটী, 15 নৱেম্বৰ: ‘‘NRC খন আমাক লাগিবই ৷ 1971 চন ভিত্তিবৰ্ষ হিচাপে লৈয়ে চৰকাৰে ৰিজেকশ্যন শ্লিপ প্ৰদান কৰক’’ ৷ এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী, "কা" বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড° হীৰেন গোঁহাইৰ (Dr Hiren Gohain on NRC) । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ নাগৰিক পঞ্জী আমাক লাগে । কা অসমে নামানে । অসমৰ জনসাধাৰণৰ আৰ্থ সামাজিক ৰাজনৈতিক জীৱনো সংকটমুক্ত কৰাৰ ক্ষেত্ৰত এন আৰ চি অন্যতম ৰক্ষা কৱচ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছিল । কিন্তু আজি পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষই এন আৰ চিৰ জাননী প্ৰকাশ কৰা নাই ।
বুদ্ধিজীৱীগৰাকীয়ে লগতে কয় যে, বিজেপিৰ দল আৰু চৰকাৰে এন আৰ চিৰ চূড়ান্ত তালিকা সম্পৰ্কে বিভিন্ন অপপ্ৰচাৰ চলাই ইয়াক নস্যাৎ কৰাৰ পাং পাতিছে (Hiren Gohain criticizes Assam govt)। এন আৰ চি জাননী প্ৰকাশ আৰু কা বাতিলৰ দাবীত জনাই ড৹ গোঁহায়ে । তেওঁ কয় যে, অসমলৈ আৰু মানুহ আহিলে অসমৰ মানুহ জীয়াই থাকিবলৈ অসুবিধা হ'ব ।
আনহাতে, চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, বান প্ৰতিৰোধৰ বাবে চৰকাৰৰ টকা নাই, শিক্ষাৰ বাবে টকা নাই, কিন্তু বাৰ মাহত তেৰটা উৎসৱ পাতিবলৈ চৰকাৰৰ টকাৰ ওপৰি টকা আছে ।
সংবাদমেলত নাম নোলোৱাকৈ জুবিন গাৰ্গক কটাক্ষ ড৹ হীৰেণ গোঁহাইৰ । জুবিন গাৰ্গক কটাক্ষ কৰি কয় যে, এজন গায়কে কৈছে যে তেওঁ ‘কা’ নামানে, কিন্তু বিজেপিৰ লগতো থাকে (Hiren Gohain criticizes Zubeen Garg) । এইটো কেনেদৰে সম্ভৱ ?
তেওঁ কয় যে, ‘কা’ বিৰোধী সমন্বয় সমিতিয়ে এন আৰ চিৰ জাননী প্ৰকাশ আৰু কা বাতিলৰ দাবী পুনৰ উত্থাপন কৰাৰ লগতে কা বিৰোধী আন্দোলনৰ শ্বহীদ পাঁচজনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে ১২ ডিচেম্বৰত গুৱাহাটীত এক সমাৱেশৰ আয়োজন কৰিছে । এই সমাৱেশত সকলো দল- সংগঠনৰ সমৰ্থন থাকিব বুলি তেওঁ জনায় ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু নিৰীক্ষণত উন্নত এন আৰ চিৰ চৰকাৰী জাননী অতি শীঘ্ৰে প্ৰকাশ কৰা, এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক ততালিকে প্ৰত্যাখ্যান পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা, বিদেশী ন্যায়াধিকৰণসমূহক অধিক সক্ৰিয়, দক্ষ আৰু কৰ্মক্ষম কৰি তোলা আৰু ন্যায়াধিকৰণৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত এই সমাবেশ হ’ব বুলি বুদ্ধিজীৱীগৰাকীয়ে জনাইছে (CAA protest in Assam) ৷
তাৰোপৰি, ইতিমধ্যে অব্যাহতি দিয়া বিদেশী ন্যায়াধিকৰণৰ সদস্যসকল পুনৰ নিযুক্তি প্ৰদান আৰু ন্যায়াধিকৰণসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিয়োগৰ কৰা, প্ৰায় ২৭ লাখ লোকৰ আধাৰ কাৰ্ডৰ আৱেদন অবিলম্বে গ্ৰহণ আৰু কাৰ্ড প্ৰদান কৰা, নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ প্ৰত্যাহাৰ, কা বিৰোধী আন্দোলন দমনৰ নামত গুলীচালনাৰ ন্যায়িক তদন্ত, পুলিচৰ গুলীচালনাত নিহত শ্বহীদৰ পৰিয়ালবৰ্গক যথোচিত ক্ষতিপূৰণৰ দাবীও উত্থাপিত হ’ব এই সমাৱেশত ।
লগতে পঢ়ক: APW on NRC : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত প্ৰস্তুত হোৱা এন আৰ চিৰ ভৱিষ্যৎ কি ?