ETV Bharat / state

Last rites of Dr Birendranath Dutta : ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ব লোক-সংস্কৃতিৰ গৱেষক ড৹ বীৰেন্দ্ৰনাথ দত্তক - শিল্পী বীৰেন্দ্ৰনাথ দত্তই

ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ড৹ বীৰেন্দ্ৰনাথ দত্তৰ ৷ ড৹ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বড়াই ৷

Last rites of Dr Birendranath Dutta
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ড৹ বীৰেন্দ্ৰনাথ দত্তৰ
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:34 PM IST

Updated : Oct 23, 2023, 2:39 PM IST

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ড৹ বীৰেন্দ্ৰনাথ দত্তৰ

গুৱাহাটী, ২৩ অক্টোবৰ : অসমৰ জাতীয় জীৱনৰ এচোৱা বৰ্ণিল কৰি আজি চিৰবিদায় মাগিলে অসমৰ বিশিষ্ট লোক সংস্কৃতিবিদ, শিল্পী বীৰেন্দ্ৰনাথ দত্তই ৷ পূজাৰ আনন্দ-উলাহৰ মাজতে দত্তৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে । তেখেতৰ মহাপ্ৰয়াণত শোক প্ৰকাশ কৰিছে বিভিন্নজনে ৷

৮৮ বছৰ বয়সত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা ড৹ বীৰেন্দ্ৰনাথ দত্তক ৰাজ্য চৰকাৰে স-সন্মানেৰে শেষ বিদায় জনোৱাৰ বাবে ব্যৱস্থা কৰিছে ৷ আজি আবেলি তিনি বজাৰ পৰা চাৰি বজাৰ ভিতৰত বীৰেন্দ্ৰনাথ দত্তৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব নৱগ্ৰহ শ্মশানত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজনৈতিক ব্যক্তিসকলে ড৹ বীৰেন্দ্ৰনাথ দত্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰকাশ কৰি কৈছে, “বকুলৰ গোন্ধ বিচাৰি মনৰ খবৰ বিলোৱা খ্যাতনামা ভাষা-সংস্কৃতিৰ পূজাৰী ড৹ বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ খবৰে মনটি বিষাদগধুৰ কৰিলে ৷ বিশিষ্ট পণ্ডিত, ধীমান ব্যক্তিত্ব, লোক-সংস্কৃতিৰ গৱেষক দত্ত ডাঙৰীয়াই গীতৰ মাদকতা, ভাষণৰ লালিত্য আৰু সুগভীৰ চিন্তা-চেতনাৰে অসমক দি গ'ল সাগৰসম অৱদান ৷ অসমৰ সংস্কৃতিৰ বৰপথাৰখন তেখেতৰ মহাপ্ৰয়াণে উকা কৰিলে ৷ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা প্ৰজ্ঞাৰ সাধক বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু শোকৰ মুহূৰ্তত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো’’ ৷

আনহাতে, ড৹ বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৷ বিশিষ্ট শিল্পী, শিক্ষাবিদগৰাকীৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰি কয়,

"বকুলৰ কথা ক'লে বহুতো চিনাকি মুখ

চকুৰ আগেদি ভাঁহি যায়...

বহুতো পাহৰা গান

বহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায় ।"

শ্ৰদ্ধাৰ ড৹ বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান কৰি যোৱা গভীৰ অৰ্থপূৰ্ণ গীতবোৰে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে । এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক তথা সাহিত্যিক হিচাপেও সমাদৃত দত্তদেৱৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় শূন্যতা । কেঁচা মাটিৰ সৈতে সম্পৃক্ত তেখেতৰ অতুলনীয় সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ বুকুত সজীৱ হৈ থাকিব ।

এই শোকস্তব্ধ মুহূৰ্তত ড৹ বীৰেন্দ্ৰনাথ দত্তদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলো । ঔঁ শান্তি ।’’

পাণ্ডিত্য আৰু সংগীতেৰে অসমৰ সমাজ জীৱন মহীয়াণ কৰা ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো গভীৰ শোক প্ৰকাশ কৰিছে ৷ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

বড়াই কয়, “ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয় ক্ৰমে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যাপনাৰে শিক্ষা জগতলৈ অসামান্য অৱদান যোগোৱা দত্তদেৱে লোক কলাৰ গৱেষণাৰেও বিদ্যায়তনিক দিশটি সমৃদ্ধ কৰি থৈ গৈছে’’ ৷

লগতে পঢ়ক : Singer Birendra Nath Datta : চিৰবিদায় মাগিলে লোক-সংস্কৃতিৰ গৱেষক, বিশিষ্ট শিল্পী বীৰেন্দ্ৰনাথ দত্তই

Last Updated : Oct 23, 2023, 2:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.